ডিজিটেল ডেস্কঃ পুনৰ বিদেশ ভ্ৰমণলৈ ৰাওনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পিছত তেওঁ প্ৰথমবাৰৰ বাবে ৰোম ভ্ৰমণ কৰিব। তেওঁ শুক্ৰবাৰে জি-২০ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ৰোমত উপস্থিত হ’ব। ইটালীৰ ভাৰতীয় দূতাবাসে জানিবলৈ দিয়া মতে ১২ বছৰৰ পিছত ভাৰতৰ কোনো প্ৰধানমন্ত্ৰীয়ে ভ্ৰমণ কৰিব ৰোম।
তেওঁ ভাৰতীয় সময় মতে নিশা প্ৰায় ৯.৩০ বজাত ৰোমত উপস্থিত হব। মোডীয়ে আবেলি প্ৰায় ৩.৩০ বজাত গান্ধীৰ প্ৰতিমূৰ্তি পৰিদৰ্শন কৰিব আৰু সন্ধিয়া প্ৰায় ৫.৩০ বজাত ইটালীৰ প্ৰধানমন্ত্ৰী মাৰিঅ দ্ৰাঘিৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হব। ইটালীত অনুষ্ঠিত জি-২০ সন্মিলনত অংশগ্ৰহণ কৰাৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে তেওঁ বিশ্বৰ অৰ্থনৈতিক পৰিস্থিতি আৰু কৰোনা পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিব। তেওঁ ২৯ ৰ পৰা ৩১ তাৰিখলৈ ৰোম আৰু ভেটিকান চিটিত থকাৰ পিছত ব্ৰিটেইন ভ্ৰমণ কৰিব। ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনে ভাৰতীয় প্ৰধানমন্ত্ৰীক আমন্ত্ৰণ জনাইছে। মোডীয়ে বৰিছ জনছনৰ সৈতে এখন বৈঠক অনুষ্ঠিত কৰিব।
এই ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে এটা টুইটত কয়, “মই ষোল্লখন জি-২০ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ৰোমলৈ গৈ আছো। তাত মই বিশ্ব ৰ অৰ্থনীতি, মহামাৰী পৰিস্থিতিত স্বাস্থ্য সেৱা, বহনক্ষম উন্নয়ন আৰু জলবায়ু পৰিৱৰ্তনৰ বিষয়ে আলোচনা কৰিম।” প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ভ্ৰমণত পোপ ফ্ৰান্সিছক সাক্ষাৎ কৰিবলৈ ভেটিকান চিটি ভ্ৰমণ কৰিব।
খবৰ অনুসৰি প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভ্ৰমনকালত কেইবাজনো ৰাজনীতিবিদক লগ পোৱাৰ সম্ভাৱনা আছে। উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিছুদিন পূৰ্বে বিদেশ ভ্ৰমণ কৰিছিল। তেওঁ প্ৰথমবাৰৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বিডেনৰ সৈতে মুখামুখি বৈঠকত মিলিত হৈছিল। বৈঠকত বিশ্বৰ সামগ্ৰিক কৰোনা পৰিস্থিতি, আফগানিস্তানৰ সামগ্ৰিক পৰিস্থিতিকে ধৰি অধিক গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰা হয়। বৈঠকৰ পিছত, ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্বিপাক্ষিক সম্পৰ্ক আৰু উন্নত হোৱা দেখা গৈছে।