‘প্ৰত্যাহ্বান যিমানেই ডাঙৰ নহওক কিয়, না আমি স্তব্ধ হ’ম আৰু না ভাৰত স্তব্ধ হ’ব’: ৰাষ্ট্ৰপতি

73

শুকুৰবাৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে অভিভাষণেৰে বাজেট অধিৱেশনৰ আৰম্ভণি কৰে। দুটা ভাগত অনুষ্ঠিত হ’বলগীয়া বাজেট অধিৱেশন ৮ এপ্ৰিললৈ অব্যাহত থাকিব। বাজেট অধিৱেশনৰ প্ৰথমটো অধিৱেশন আজিৰে পৰা ১৫ ফেব্ৰুৱাৰীলৈ চলিব। আনহাতে দ্বিতীয় পৰ্যায় চলিব ৮ মাৰ্চৰ পৰা ৮ এপ্ৰিললৈ অব্যাহত থাকিব। ইফালে ১ ফেব্ৰুৱাৰীত সংসদত বিত্তীয় বৰ্ষ ২০২১-২২ৰ সাধাৰণ বেজেট দাখিল কৰা হ’ব। ইয়াৰোপৰি ১৯টা বিৰোধী দলে ৰাষ্ট্ৰপতিৰ অভিভাষণ বহিষ্কাৰ কৰে। এঘণ্টা জোৰা ৰাষ্ট্ৰপতিৰ অভিভাষণৰ সময়ছোৱাত ক’ৰোনা কাল, কৃষকসকলৰ প্ৰসংগসহ দেশ প্ৰগতিৰ বাবে লোৱা সিদ্ধান্তসমূহৰ বিষয়ে জানিবলৈ দিয়ে।

কি কি কথা ক’লে

  • ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ক’লে, উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰতে ভব্য ৰাম মন্দিৰৰ নিৰ্মাণকাৰ্য আৰম্ভ হৈছে।
  • ৰাষ্ট্ৰপতিগৰাকীয়ে ক’লে যে, পূৰ্বে ইয়াত মাত্ৰ ২টা মোবাইল ফেক্টৰী আছিল। আজি ভাৰত বিশ্বৰ ভিতৰত দ্বিতীয়টো বৃহৎ মোবাইল নিৰ্মাণকাৰী দেশ।
  • ৰাষ্ট্ৰপতিগৰাকীয়ে ক’লে- দৰিদ্ৰৰ অধিকাৰৰ ৰেচন কোনো অন্য লোকে কাঢ়ি ল’ব নোৱাৰিবৰ বাবে ১০০ শতাংশ ৰেচন কাৰ্ড ডিজিটেল কৰা হৈছে, ৯০ শতাংশ ৰেচন কাৰ্ড আধাৰৰ সৈতে সংযুক্ত কৰা হৈছে।
  • ৰাষ্ট্ৰপতিয়ে জনালে যে- ভাৰত মিছনৰ আধাৰত ১০ কোটিতকৈ অধিক শৌচালয় নিৰ্মাণ কৰা হৈছে। দৰিদ্ৰ কন্যা-ভগ্নীৰ গৌৰৱ বৃদ্ধি হওক, তেওঁলোকৰ সমস্যা হ্ৰাস হওক, ইয়াৰ বাবে স্বচ্ছ ভাৰত মিছনৰ আধাৰত কাম আৰম্ভ হৈছে।
  • তেওঁ ক’লে যে, দৰিদ্ৰ লোকসকলে বেংকিঙৰ ব্য়ৱস্থা লাভ কৰক, ইয়াৰ বাবে ৪১ কোটিতকৈ অধিক দৰিদ্ৰক জনধন একাউণ্ট খোলা হৈছে। ইয়াৰে বেছিভাগ একাউণ্ট আমাৰ দৰিদ্ৰ কন্যা-ভগ্নীৰ হয়।
  • ৰাষ্ট্ৰপতিগৰাকীয়ে ক’লে- ঘৰত কাম কৰা ভাতৃ-ভগ্নী, গাড়ী চলোৱাসকল, জোতা চিলোৱাসকল, কাপোৰ ইস্ত্ৰি কৰাসকল, শ্ৰমিক, এনে দৰিদ্ৰ বন্ধুসকলেও পেঞ্চন লাভ কৰিছে, ইয়াৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰম যোগী মান-ধন আঁচনি চলোৱা হৈছে।
  • ৰাষ্ট্ৰপতিয়ে দেশত আয়ুষ্মান আঁচনিৰ লাভৰ বিষয়েও উল্লেখ কৰিছে। তেওঁ ক’লে, ‘প্ৰধানমন্ত্ৰী ভাৰতীয় জন-ঔষধি আঁচনিৰ আধাৰত দেশজুৰি নিৰ্মাণ হোৱা ৭ হাজাৰ কেন্দ্ৰৰ পৰা যথেষ্ট সুলভমূল্য়ত ঔষধ লাভ কৰিছে। আয়ুষ্মান ভাৰত-প্ৰধানমন্ত্ৰী জন আৰোগ্য আঁচনিৰ আধাৰত দেশত ১.৫ কোটি দৰিদ্ৰই ৫ লাখ টকালৈ বিনামূলীয়াকৈ চিকিৎসা লাভ কৰিছে। ইয়াৰ জৰিয়তে এইসকল দৰিদ্ৰৰ ৩০ হাজাৰ কোটি টকাতকৈ অধিক টকা ব্য়য় হোৱাৰ পৰা ৰক্ষা পাইছে।
  • ৰাষ্ট্ৰপতিয়ে ক’লে যে- নক্সালবাদী হিংসাত্মক ঘটনাৰ সংখ্যা হ্ৰাস পাইছে আৰু তেওঁলোকৰ পৰিসীমাও সীমিত হৈছে। মোৰ চৰকাৰৰ বিকাশ নীতিক জম্মু-কাশ্মীৰৰ লোকসকলে যথেষ্ট সমৰ্থন জনাইছে। কেইবাটাও সপ্তাহ পূৰ্বে, স্বাধীনতাৰ পিছত প্ৰথমবাৰ, জম্মু-কাশ্মীৰত জিলা পৰিষদৰ নিৰ্বাচন সফলতাৰ সম্পন্ন হৈছে।
  • মহিলাসকলক প্ৰাধান্য দিয়া সন্দৰ্ভত ৰাষ্ট্ৰপতিয়ে ক’লে যে, ভাৰতীয়া বায়ুসেনাত ফাইটাৰ ষ্ট্ৰীম হওক, সামৰিক বাহিনীত মহিলাসকলৰ নিযুক্তি হওক বা আণ্ডাৰ গ্ৰাউণ্ড মাইঞ্চ তথা অপেন কাষ্ট মাইঞ্চত মহিলাসকলে নিশা কাম কৰাৰ অনুমতি, এই সকলো নিৰ্ণয় প্ৰথমবাৰৰ বাবে মোৰ চৰকাৰে লৈছে।
  • ২৬ জানুৱাৰীত সংঘটিত হোৱা ঘটনা সন্দৰ্ভত ৰাষ্ট্ৰপতি ক’লে যে, বিগত দিনত সংঘটিত হোৱা ত্ৰিৰংগা আৰু গণতন্ত্ৰ দিৱসৰ দৰে পৱিত্ৰ দিনৰ অপমান যথেষ্ট দুৰ্ভাগ্যজনক।
  • টীকাকৰণ অভিযান সন্দৰ্ভত ৰাষ্ট্ৰপতিয়ে ক’লে যে, আমাৰ বাবে গৰ্বৰ কথা যে আজি ভাৰত বিশ্বৰ ভিতৰত আটাইতকৈ বৃহৎ অভিযান আৰম্ভ কৰিছে। এই অনুষ্ঠানৰ দুয়োটা ভেকচিন ভাৰতত নিৰ্মিত।