প্ৰতিবাদী কৃষকৰ বিৰুদ্ধে মহামাৰী আইনৰ অধীনত গোচৰ ৰুজু…

82

ডিজিটেল ডেস্ক: কেন্দ্ৰীয় চৰকাৰৰ কৃষি আইনৰ বিৰুদ্ধে কৃষকৰ প্ৰতিবাদে ষোল্ল দিন পাৰ কৰিছে। দিল্লীৰ সীমান্তত প্ৰতিবাদ অব্যাহত ৰখা সহস্ৰাধিক কৃষকৰ বিৰুদ্ধে দমনমূলক নীতি গ্ৰহণ কৰি আহিছে চৰকাৰ আৰু প্ৰশাসনে। কন্দুৱা গেছ, পানীৰ টোপ প্ৰয়োগৰ পৰা লাঠী চালনা কৰালৈকে সকলো কৰি চাইছে, তথাপি দমাব পৰা নাই কৃষকৰ প্ৰতিবাদ।

এনে পৰিস্থিতিত এতিয়া কৃষকৰ বিৰুদ্ধে মহামাৰী আইনৰ অধীনত গোচৰ ৰুজু কৰি প্ৰতিবাদ দমনৰ চেষ্টা চলাইছে দিল্লী আৰক্ষীয়ে। সিংঘু সীমাত প্ৰতিবাদ কৰি থকা কৃষক সকলৰ বিৰুদ্ধে ইতিমধ্যে দিল্লী আৰক্ষীয়ে ৰুজু কৰিছে গোচৰ।

উল্লেখযোগ্য যে, নিৰ্বাচনৰ সময়ত গাত গা লগাই নিৰ্বাচনী প্ৰচাৰ চলোৱা কেন্দ্ৰীয় মন্ত্ৰী, নেতাৰ বিৰুদ্ধে কিন্তু কেতিয়াও মহামাৰী আইনৰ অধীনত গোচৰ ৰুজু নহল। কিন্তু এতিয়া নিজৰ অধিকাৰ বিচাৰি ৰাজপথত নমা কৃষকে কোৰোনা বিয়পাইছে বুলি এনেদৰে গোচৰ ৰুজু কৰা কাৰ্যই চৰকাৰ আৰু প্ৰশাসনৰ ব্যৰ্থ চক্ৰান্তকে উদঙাইছে বুলি বিভিন্ন জনে মন্তব্য কৰিছে।