ডিজিটেল ডেস্কঃ কৃষি আইনৰ বিৰুদ্ধে জ্বলিছে দিল্লী। পঞ্জাৱ, হাৰিয়ানাৰ লগতে দেশৰ ভিন্ন প্ৰান্তৰ কৃষক সকলে সন্মিলিতভাৱে কেন্দ্ৰীয় চৰকাৰৰ কৃষি আইনৰ বিৰুদ্ধে ৰাজধানী দিল্লীত অব্যাহত ৰাখিছে প্ৰতিবাদ। ইফালে দিল্লীলৈ আহিবলৈ চেষ্টা চলোৱা কৃষকক ভেটিবলৈ দিল্লীৰ সীমাত আৰক্ষীয়ে মোতায়ম কৰিছে কটকটীয়া নিৰাপত্তা বাহিনী।
বৃহস্পতি বাৰে নিশাজুৰি সিংঘু সীমাঞ্চলত একত্ৰিত হৈ শুকুৰবাৰে পুৱাৰ ভাগৰ পৰা কৃষি আইন বিৰোধী শ্লোগান দি প্ৰতিবাদ কৰিছে কৃষকে। ইফালে সীমাত একত্ৰিত হোৱা কৃষক সকলক চত্ৰভংগ দিবলৈ আৰক্ষীয়ে পুৱাৰ ভাগৰ পৰা পুনৰ কৃষক সকলৰ ওপৰত ব্যৱহাৰ কৰিছে কন্দুৱা গেছ।
কৃষক সকলক চহৰত প্ৰৱেশ কৰিবলৈ বাধা দিবৰ বাবে আৰক্ষীয়ে ৰাজ্যখনৰ সীমা চীল কৰিছে। যাৰ ফলত অন্যান্য যান বাহন চলাটো বাঘ্যাত হৈছে। অন্যহাতে দিল্লী আৰক্ষীয়ে দিল্লীৰ ৯খন ষ্টেডিয়ামক অস্থায়ী জেল সাজিবৰ বাবে দিল্লী চৰকাৰক অনুমতি বিচাৰিছে।
