প্ৰতিথযশা সংগীত শিল্পী এছ পি বালাসুব্ৰমণিয়ামৰ দেহাৱসান

67

ডিজিটেল ডেস্কঃ এজন সুখ্যাতিসম্পন্ন সংগীতৰ সাধক। যাৰ কণ্ঠৰে নিগৰিছিল বহু কালজয়ী গীত। এক অনন্য কণ্ঠৰ অধিকাৰী এইগৰাকী শিল্পী আৰু আমাৰ মাজত নাই। শুকুৰবাৰে চেন্নাইৰ এখন ব্যক্তিগত চিকিৎসালয়ত ৭৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে প্ৰতিথযশা গীতিকাৰ, সংগীত পৰিচালক, গায়ক এছ পি বালাসুব্ৰমণিয়ামে।

১৯৪৬ চনৰ ৪ জুনত জন্মগ্ৰহণ কৰা শিল্পীগৰাকীয়ে ১৬ টা ভাষাত ৪০ হাজাৰতকৈও অধিক গীতত কণ্ঠ নিগৰাইছিল। বিগত কিছুদিন পূৰ্বে তেওঁৰ শ্বাস প্রশ্বাসত কষ্টজনিত কাৰণত চিকিৎসালয়ত ভৰ্তিকৰা হৈছিল। বৃহস্পতিবাৰে তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটে। চিকিৎসকৰ অহৰহ প্ৰচেষ্টাৰ পিছতো অৱশেষত আজি শেষ নিশ্বাস ত্যাগ কৰে শিল্পীগৰাকীয়ে।

মৃত্যুৰ সময়ত এছপি বালা সুব্ৰমণিয়ামে পত্নী সাৱিত্ৰী, অভিনেতা পুত্ৰ এছপিবি চৰণ আৰু এগৰাকী কন্যা পল্লৱীক এই জগতত এৰি থৈ যায়। তেওঁৰ মৃত্যু সংগীত জগতৰ বাবে এক অপূৰ্ণ ক্ষতিৰূপে বিবেচিত হ’ব।