ৰাজ্যৰ বিভিন্ন প্ৰান্তত হৈ থকা ধাৰাসাৰ বৰষুণ আৰু বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সাময়িকভাৱে স্থগিত ৰখা হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বাৰ্ষিকৰ পৰীক্ষা। এই ঘোষণ কৰিছে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে।
শিক্ষা সংসদে পৰৱৰ্তী নিৰ্দেশ প্ৰকাশ নোহোৱালৈকে পৰীক্ষা স্থগিত ৰখাৰ ঘোষণা কৰিছে।
উল্লেখ্য যে, উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা ১৮ মে’ৰ পৰা ২১ মে’লৈ অনুষ্ঠিত হোৱাৰ কথা আছিল। কিন্তু শেহতীয়াকৈ ৰাজ্যৰ ২০ খনৰো অধিক জিলাত সৃষ্টি হৈছে বানৰ পৰিস্থিতি। ইফালে ধাৰাসাৰ বৰষুণৰ সম্ভাৱনাৰে ৰাজ্যত ৰেড এলাৰ্টো জাৰি কৰা হৈছে।
