প্ৰণয় কলিতাৰ বাসগৃহত ৰঞ্জিত কুমাৰ দাস

56

ষ্টাফৰিপৰ্টাৰ, মণিপুৰত উগ্ৰপন্থীৰ বিৰুদ্ধে সাহসেৰে যুঁজ দি নিজৰ প্ৰাণ বিৰ্সজন দিয়া অসম ৰাইফলছৰ হাবিলদাৰ প্ৰণয় কলিতাৰ বজালীৰ ঘটবৰ সাদেৰী গাঁওস্থিত বাসগৃহত উপস্থিত হৈ বীৰ শ্বহীদগৰাকীক গভীৰ শ্ৰদ্ধাঞ্জলি জনায় বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে। তেওঁ লগতে বীৰ শ্বহীদ গৰাকীৰ আত্মাৰ চিৰশান্তি কামনা কৰে। লগতে
দেশ তথা মাতৃভূমিৰ বীৰ সন্তান প্ৰণয় কলিতাৰ শোকসন্তপ্ত পৰিয়ালবৰ্গক সাক্ষাৎ কৰি সমবেদনা আৰু সহমৰ্মিতা প্ৰকাশ কৰে। লগতে কয়’
বীৰ সৈনিক প্ৰণয় কলিতাৰ , দেশ প্ৰেম, ত্যাগ আৰু বীৰত্ব সময়ৰ পৃষ্ঠাত সোণালী আখৰৰে খোদিত হৈ ৰ’ব আৰু অনাগত প্ৰজন্মৰ বাবে হৈ ৰ’ব দেশৰ হকে সেৱা কৰাৰ সাহস আৰু অনুপ্ৰেৰণা ।