প্ৰচণ্ড বৰষু্ণে বিভীষিকা নমাইছে মহাৰাষ্ট্ৰত, ৰায়গড়ত ভূমিস্খলনত ৩২ জনৰ মৃত্যু

126

ডিজিটেল ডেস্কঃ প্ৰচণ্ড বৰষুণে বিভীষিকা নমাইছে মহাৰাষ্ট্ৰত। ৰাজ্যখনৰ ঠায়ে ঠায়ে দি থকা নেৰানেপেৰা বৰষুণত সৃষ্টি হৈছে বানসদৃশ পৰিৱেশৰ। কোলহাপুৰ, ৰায়গড়, ৰত্নাগিৰি, পালঘৰ, ঠানে আৰু নাগপুৰ সম্পূৰ্ণৰূপে বানত ডুব গৈছে।

প্ৰচণ্ড বৰষুণ আৰু তাৰ ফলত সংঘটিত নানান দুৰ্যোগত ইতিমধ্যে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত দুই শতাধিক লোকৰ মৃত্যু ঘটাৰ খবৰ প্ৰকাশ পাইছে। মৃত্যুৰ সংখ্যা যেন ক্ৰমাৎ বৃদ্ধি পায়েই আছে। শুকুৰবাৰেও মুম্বাইৰ গোবড়ীত এটা অট্টালিকা খহি পৰাৰ ফলত একেটা পৰিয়ালৰে ৪জনকৈ লোকৰ মৃত্যু ঘটে। এই দুৰ্ঘটনাত আন ৬ জন লোক আহত হয়।

ইফালে ৰায়গড়ৰ তলৈ গাঁৱত বৰষুণৰ ফলত হোৱা ভূমিস্খলনত ৭০ জনৰো অধিক লোক সন্ধানহীন হৈ আছে। উদ্ধাৰকাৰী দলে এই মুহূৰ্তলৈ ৩২ টা মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হ’লেও এতিয়াও সন্ধান পোৱা নাই বাকী সকলৰ। ঘটনাস্থলীত এনডিআৰএফ বাহিনীয়ে ধাৰাবাহিকভাৱে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।

বতৰ বিজ্ঞান বিভাগে আগন্তুক তিনি দিনলৈকে মহাৰাষ্ট্ৰৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড বৰষুণ হৈ থকাৰ আশংকা কৰিছে। যাৰ বাবে ইতিমধ্যে কোংকন, মুম্বাই আৰু ইয়াৰ ওচৰৰ এলেকা সমূহত ৰেড এলাৰ্ট জাৰি কৰা হৈছে। উল্লেখ্য যে, বিগত দুটা দিনত কোংকন এলেকাতো বৰষুণৰ ফলত সংঘটিত দুৰ্ঘটনাত কমেও ৮ জন লোক নিহত হৈছে।