প্ৰখৰ মেধাসম্পন্ন অৰ্থনীতিৰ স্নাতকোত্তৰ নগাঁৱৰ মাহৰিআটিৰ ৰূপজ্যোতি আজি ৰোগাক্ৰান্ত

346

ঋতুপৰ্ণ শৰ্মা, নগাঁওঃ যুৱকজনৰ নাম ৰূপজ্যোতি বেজবৰা। ঘৰ নগাঁও জিলাৰ বেবেজীয়া সমীপৰ মাহৰিআটিত। অতি মেধাৱী এই যুৱকজনে ১৯৯৬ চনত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা শাখাত নগাঁও মহাবিদ্যালয়ৰ পৰা অৱতীৰ্ণ হৈ অসমৰ ভিতৰতে ষষ্ঠ স্থান লাভ কৰিছিল। পিছত ১৯৯৯ চনত কটন কলেজৰ পৰা মেজৰসহ স্নাতক ডিগ্ৰী আৰু ২০০১ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।

কিন্তু অত্যন্ত মেধা সম্পন্ন এই যুৱকজনৰ জীৱনৰ চকৰি যেন ওলোটা ফালেহে ঘূৰিলে। কিয়নো স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছতো প্ৰচুৰ মেধা সম্পন্ন ৰূপজ্যোতিয়ে এটা চৰকাৰী চাকৰি যোগাৰ কৰিব নোৱাৰিলে। সেই সময়ৰ নিযুক্তিত স্বচ্ছতা নথকা হেতুকে তেওঁ অৰ্হতা থকা সত্বেও এটা চৰকাৰী চাকৰি যোগাৰ কৰিব পৰা নাছিল। ফলত মানসিকভাৱে ভাগি পৰে। ব্যৱসায় কৰিবলৈকো হাতত ফুটাকড়ি এটা নথকাত গোটেই আকাশখন মূৰৰ ওপৰত ভাগি পৰাৰ দৰে হয়।

বৰ্তমান তেওঁ ৰোগাক্রান্ত। spondylopathies (icd code m48.8) নামৰ এক জটিল ৰোগত আক্ৰান্ত। এই জটিল বেমাৰে খাই পেলাইছে তেওঁৰ শৰীৰ। ঘৰখনত উপাৰ্জনকাৰী বুলিবলৈ কোনো নাই। দেউতাক দেৱেন বেজবৰাৰ কেতিয়াবাই মৃত্যু হৈছে। মাটি বেছি মাক আৰতি বেজবৰাই তেওঁৰ চিকিৎসা কৰি আছে। দুখৰ বিষয় যে টকাৰ অভাৱত আজি এবছৰে ডাক্তৰৰ ওচৰলৈ নিব পৰা নাই ৰূপজ্যোতিক। ফলত বিনা চিকিৎসাই জটিল ৰোগৰ ওচৰত আত্মসমৰ্পণ কৰাৰ দৰে হৈছে।

পিছে ইমান কষ্টৰ মাজতো সময়ে সময়ে তেওঁ নীলিম কুমাৰ, অনুভৱ তুলসীৰ কবিতা আওৰাই দুখ পাতলাবলৈ বৃথা চেষ্টা কৰে। যিজন যুৱকৰ সাফল্যত এদিন সমগ্ৰ নগাঁও জিলাবাসীয়েই‌ গৰ্বিত হৈছিল৷ যাক গামোচা, শৰাই আৰু সম্বৰ্ধনা পত্ৰৰে উপচাই দিছিল তেওঁৰ বিপদৰ সময়ত আজি কাষত কোনোৱেই নাই। চৰকাৰী নিযুক্তিৰ মেৰপেচৰ বাবেই যে স্নাতকোত্তৰ ডিগ্ৰীধাৰী যুৱকজনৰ মেধাৰ অপমৃত্যু ঘটিল তাৰো কোনো এদিনো খবৰ লোৱাৰ প্ৰয়োজন বোধ নকৰিলে।

গতিকে, এতিয়া ৰূপজ্যোতিৰ একমাত্ৰ ভৰষা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। যদিহে মুখ্যমন্ত্ৰী শৰ্মাই ৰূপজ্যোতিৰ চিকিৎসাৰ কিবা ব্যৱস্থা কৰি দিয়ে তেতিয়া তেওঁৰ জীৱনলৈ হয়তো এমুঠি পোহৰ নামি আহিব।