প্ৰকৃতিয়ে বিনিময় নিবিচাৰে, প্ৰকৃতি আমাৰ দ্বিতীয় মাতৃ, প্ৰকৃতিৰ লালন পালন আমাৰ দায়িত্ব-এ আই ডি চি চৌহদত বৃক্ষ ৰোপন কৰি উদ্যোগ মন্ত্রী বিমল বড়া       

317

প্ৰকৃতিয়ে কেতিয়াও বিনিময় নিবিচাৰে, প্ৰকৃতি আমাৰ দ্বিতীয় মাতৃ,প্ৰকৃতিৰ লালন পালন আমাৰ দায়িত্ব -মুখ্যমন্ত্রীৰ প্ৰতিষ্ঠানিক বৃক্ষ ৰোপন কাৰ্যসূচীৰ অংশ হিচাপে ৰাধাগোবিন্দ বৰুৱা পথ স্হিত অসম ঔদ্যোগিক উন্নয়ন নিগম(এ আই ডি চি)ৰ চোহদত বৃক্ষ ৰোপনৰ এক কাৰ্যসূচীত অংশগ্রহণ কৰি উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান দপ্তৰৰ মন্ত্রী বিমল বড়াই এইদৰে কয়। 

   সমগ্র বিশ্বজুৰি হোৱা জলবায়ু পৰিবৰ্তনৰ কথা উল্লেখ কৰি পৰিৱেশ সন্তুলিত কৰি ৰখাৰ ক্ষেত্রত উদ্যোগ বিভাগৰ বিশেষ দায়িত্ব আছে বুলিও তেও কয়। উদ্যোগ সমূহৰ বাবেই পৰিৱেশ দূষিত হয় বুলি উল্লেখ কৰি পৰিৱেশ প্ৰদূষণ মুক্ত কৰি ৰখাৰ বাবে উদ্যোগ সমূহতো বৃক্ষ ৰোপনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বিষয়া সকলক মন্ত্রী বড়াই নিৰ্দেশ দিয়ে।

  চৰকাৰী প্ৰতিষ্ঠান সমূহৰ সৌন্দর্য বৰ্দ্ধন আৰু পৰিৱেশ উন্নয়নৰ বাবে    মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা এই পদক্ষেপৰ অংশ হিচাপে আজি এআই ডিচি ৰ অন্তৰ্গত বাৰটা চৌহদত বৃক্ষ ৰোপনৰ কাৰ্যসূচী গ্রহণ কৰা হৈছে। এই চৌহদ সমূহত মুঠ ৬৫০০ থলুৱা গছ পুলি ৰোপনৰ ব্যবস্থা কৰা হৈছে। 

  সভাখনত এআই ডিচিৰ  অধ্যক্ষ্ প্ৰশান্ত ফুকন, উপাধ্যক্ষ নৱদীপ কলিতা, পৰিচালন সঞ্চালক মানবেন্দ্র প্ৰতাপ সিং আৰু উদ্যোগ বিভাগৰ আয়ুক্ত ঐনাম শৰণ কুমাৰ সিং উপস্থিত আছিল।