পোহনীয়া হাঁহৰ আকস্মিক মৃত্যুৰ তদন্ত বিচাৰি আৰক্ষীৰ কাষ চাপিল এগৰাকী মহিলা…

89

স্বামী শয্যাগত। একমাত্ৰ পুত্ৰও আক্ৰান্ত দুৰাৰোগ্য ৰোগত। এনে পৰিস্থিতিত নিজে জাল মুড়ি বিক্ৰী কৰি কোনোমতে সংসাৰখন চলাই আছে ইতি বিশ্বাসে। দুপইচা অতিৰিক্ত উপাৰ্জনৰ বাবে ঘৰত পুহিছে ১০ টা হাঁহ। কিন্তু তাৰ মাজৰে তিনিটা হাঁহৰ ‘অস্বাভাৱিক মৃত্যু’ ঘটাত তদন্ত বিচাৰি আৰক্ষীৰ কাষ চাপিছে মহিলাগৰাকী।

পশ্চিম বংগৰ হুগলী জিলাৰ চুচুৰাৰ সিংহিবাগানৰ নিৱাসী ইতি বিশ্বাসে তেওঁৰ ঘৰৰ তিনিটা হাঁহৰ মৃত্যুৰ তদন্ত দাবী কৰাৰ পিছতে হাঁহকেইটাৰ মৃতদেহ মৰোণত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণৰ ব্যৱস্থা কৰে হুগলী জিলা পৰিষদৰ মীন আৰু পশুধন বিভাগে।

মহিলাগৰাকীৰ অভিযোগ অনুসৰি শনিবাৰে পুৱা হাঁহ কেইটা গঁড়ালৰ পৰা এৰি দিছিল তেওঁ। সেই সময়ত আটাইকেইটা হাঁহেই সুস্থ আছিল। কিন্তু দুপৰীয়া হাঁহৰ চিঞৰ শুনিবলৈ পাই দেখে যে ঘৰৰ কাষৰ জলাশয়টোত তিনিটা হাঁহ মৰি আছে। হাঁহ কেইটাৰ কাষলৈ গৈ এটা খালী চিপচৰ পেকেট দেখাত শুঙি চাই দুৰ্গোন্ধ পায় মহিলাগৰাকীয়ে।

মহিলাগৰাকীয়ে সন্দেহ কৰিছে যে এই চিপচৰ পেকেটটোতে কোনেৱে মুড়িৰ সৈতে বিহ মিহলাই পৰিকল্পিতভাৱে হত্যা কৰিছে হাঁহ কেইটাক। হাঁহৰ মৃত্যুৰ তদন্ত বিচাৰি আৰক্ষীৰ কাষ চপা ইতি বিশ্বাসে কাৰো নাম উল্লেখ কৰা নাই যদিও কিছুদিন পূৰ্বে তেওঁৰ চুবুৰীয়া এঘৰৰ সৈতে হোৱা সংঘাতৰ কথা উল্লেখ কৰে।

ইফালে মহিলাগৰাকীৰ অভিযোগৰ পিছতে হুগলী জিলা পৰিষদৰ মীন আৰু পশুধন বিভাগৰ নিৰ্মালি চক্ৰবৰ্তীয়ে হাঁহ তিনিটাৰ মৃতদেহ মৰোণত্তৰ পৰীক্ষাৰ বাবে কলকাতালৈ প্ৰেৰণৰ ব্যৱস্থা কৰে