পোছাক সলনি হ’লে সলনি হয় মুখৰ কথাও, জলন্ত উদাহৰণ ৰূপজ্যোতি কুৰ্মী

71

পোছাক সলনি হলে, মুখৰ ভাষাও সলনি হয়। তাৰেই এক জলন্ত উদাহৰণ ৰূপজ্যোতি কুৰ্মী। মাতৃ তেওঁৰ কংগ্ৰেছী আছিল। নিজেও ৪ বাৰকৈ মৰিয়নী সমষ্টিৰ পৰা কংগ্ৰেছৰ টিকটত জয়লাভ কৰি এগৰাকী দক্ষ বিধায়ক হোৱাৰ পৰিচয় অৰ্জন কৰিছিল। কেতিয়াবা নিজেই দাঙিছিল চাউলৰ বস্তা, কেতিয়াবা নিজেই হাতত কোৰ লৈ ৰাস্তা চাফা কৰা জনতাৰ বিধায়কৰ ৰূপত দেখা গৈছিল ৰূপজ্যোতি কুৰ্মীক।

কিন্তু দীঘলীয়া কংগ্ৰেছী জীৱন এৰি আজি তেওঁ আনুষ্ঠানিকভাৱে পিন্ধি ল’লে বিজেপিৰ গেৰুৱা বসন। আৰু তাৰ পাছতেই আজি মুখৰ মাত সলনি হোৱা দেখা গ’ল কুৰ্মীৰ। সৌ সিদিনালৈকে কাৰাবন্দী অখিল গগৈৰ মুক্তিৰ দাবী তোলা ৰূপজ্যোতি কুৰ্মীয়ে আজি বিজেপিৰ পক্ষত থিয় হৈ মন্তব্য কৰিলে- ‘আইনৰ মেৰপাকত অখিল গগৈ কাৰাবন্দী হৈ আছে। তেওঁক দিব লগা সুবিধা জিএমচিএইচত মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিছে। তেওঁৰ লগত বিজেপিৰ কোনো শত্ৰুতা নাই।’

বিজেপিৰ শৰণাপন্ন হৈয়েই কংগ্ৰেছৰ সমালোচনাত মুখৰ হৈ পৰা দেখা গল একালৰ কংগ্ৰেছী বিধায়কজনক। তেওঁ ক’লে- ‘১৪ চনলৈকে কংগ্ৰেছ ভাল আছিল। কিন্তু এতিয়া কংগ্ৰেছৰ দিন উকলিছে। অসমত আগন্তক ২০-২৫ বছৰলৈ আৰু কংগ্ৰেছ আহিব নোৱাৰে। মই বহু বছৰ আগতেই বিজেপিলৈ আহিব লাগিছিল। এতিয়া ভাৱিছো মোৰ অহাত পলম হৈ গ’ল।’

পূৰ্বে কথাই কথাই বিজেপিক তুলাধূনা দিয়া ৰূপজ্যোতি কুৰ্মীয়ে আজি ক’লে- ‘পূৰ্বে বিজেপিক কৰা সমালোচনাসমূহ মনৰ পৰা নাছিল! কংগ্ৰেছ নেতৃত্বৰ লক্ষ্য আৰু ভৱিষ্যতৰ কোনো পৰিকল্পনা নাই। এআইইউডিএফৰ সৈতে মিত্ৰতা কৰি মিঞা মুছলমানক গুৰুত্ব দিলে। খিলঞ্জীয়া মুছলমানক গুৰুত্ব দিয়া নাই। দুই-এজন খিলঞ্জীয়া কংগ্ৰেছ দলত আছে। বটদ্ৰৱাত কংগ্ৰেছৰ বিধায়িকা শিৱানী বৰা মিঞা ভোট লৈ জয়ী হৈছে।নাওবৈছাত ভৰত নৰহ মিঞা মুছলমানৰ ভোট লৈ জয়ী হ’ল।খিলঞ্জীয়া লোকেৰে ভৰপূৰ বিজেপি দল।’

এয়াই ৰাজনীতি! এদিন কংগ্ৰেছত থাকি বৰ্তমানৰ মুখ্যমন্ত্ৰীয়েও গুজৰাটৰ পানীৰ নলাৰে মুছলমানৰ তেজ বয় বুলি মন্তব্য কৰিছিল। আজি চৰকাৰৰ এমহীয়া কাৰ্যকালৰ খতিয়ান দাঙি ধৰিবলৈ নাগপুৰৰ আৰএছএছৰ কাৰ্যালয়ত উপস্থিত হয়। ৰূপজ্যোতি কুৰ্মীও একেই পথৰ পথিক। তেওঁ যিমানেই নকওঁক যে তেওঁৰ ক্ষমতাৰ লোভ নাই, তথাপি তেওঁৰ কৰ্মকাণ্ডই এই কথাই প্ৰমাণ কৰে যে তেওঁতলৈ লুভীয়া বৰ্তমান আন কোনো নাই।