পেৰিছ অলিম্পিকত আজি অসম কন্যা লাভলীনাৰ খেল

77

পেৰিছ অলিম্পিকত আজি অসম কন্যা লাভলীনাৰ খেল।

বজ্ৰকন্যাৰ ওপৰত ভৰসা ৰাখিছে সমগ্ৰ দেশবাসীয়ে।

ষষ্ঠ শ্ৰেণীৰ সেই কণমানি লাভলীনাৰ পৰা পেৰিছ অলিম্পকলৈ এক বৰ্ণিল যাত্ৰা।

২০১৮ চনত নতুন দিল্লীত অনুষ্ঠিত হোৱা AIBA মহিলা বক্সিং বিশ্ব চেম্পিয়নশ্বীপত প্ৰথমবাৰৰ বাবে ভাৰতক প্ৰতিনিধিত্ব কৰে লাভলীনা বৰগোঁহাইয়ে।

মহিলাৰ ৬৯ কিলোগ্ৰাম শাখাত ব্ৰঞ্জৰ পদক লাভ কৰে।

তাৰ পিছত ২০১৯ চনত দ্বিতীয়বাৰৰ বাবে ৰাছিয়াত অনুষ্ঠিত AIBA মহিলা বক্সিং চেম্পিয়নশ্বীপত অংশগ্ৰহণ কৰে লাভলীনাই।

আজি পেৰিছ অলিম্পিকত অসম কন্যা লাভলীনা বৰগোহাঁইৰ খেল।

নৰৱে’ৰ সুনিভা হফষ্টেডৰ বিৰুদ্ধে যুঁজত নামিব লাভলীনা।

মহিলাৰ ৭৫ কেজি শাখাত ৰিঙত নামিব লাভলীনা।

বিয়লি ৩.৫০ বজাত অনুষ্ঠিত হ’ব লাভলীনা আৰু সুনিভাৰ মাজত প্ৰি-কোৱাৰ্টাৰ ফাইনেল খেলখন।

সমগ্ৰ দেশবাসীয়ে আগ্ৰহেৰে অপেক্ষা কৰিছে লাভলীনাৰ খেললৈ।

লাভলীনালৈ অলেখ শুভকামনা দেশবাসীৰ।