ষ্টাফৰিপৰ্টাৰ, পেট্ৰ’ল ডিজেলৰ মূল্যবৃদ্ধি প্ৰত্যাহাৰ কৰা, অত্যাধিক কৰৰ বোজা উঠাই লোৱাৰ আদি দাবী পুৰণৰ বাবে চি পি আই অসম ৰাজ্য পৰিষদে মঙলবাৰে ৰাজ্যজুৰি গণ অৱস্থান কাৰ্যসূচী গ্ৰহণ কৰে। এই কাৰ্যসূচীৰ জৰিয়তে পৰিষদে ৰাজ্যিক কাৰ্যালয় আৰু সকলো জিলা কাৰ্যালয়ৰ সন্মুখত সামাজিক দূৰত্ব মানি আধাঘণ্টীয়া অৱস্থান কাৰ্যসূচী পালন কৰে। আনহাতে গুৱাহাটী ৰাজগড়স্থিত কাৰ্যালয়ৰ সন্মুখতো এই গণ অৱস্থান কাৰ্যসূচী গ্ৰহণ কৰা হয়। এই কাৰ্যসূচীৰ জৰীয়তে চি পি আইৰ অসম ৰাজ্য পৰিষদৰ সম্পাদক মুনিন মহন্তই কয় ” কৰ’না অতিমাৰীৰ লগত সহ অৱস্থান কৰি কঠোৰভাবে লকডাউন বিধি প্রয়োগৰ পোষকতা কৰোঁ। কিন্তু এই লকডাউন এক সপ্তাহতকৈ বেছি সময়ৰ লকডাউনৰ আমি বিৰোধিতা কৰোঁ। এক
সপ্তাহতকৈ বেছি সময়ৰ লকডাউন কৰিলে অৰ্থনৈতিক পৰিস্থিতি আৰু বিধস্ত হ’ব। লগতে প্ৰতি মাহৰ দ্বিতীয় আৰু চতুৰ্থ শনিবাৰ আৰু দুটা দেওবাৰে মুঠ চাৰি দিন সম্পূৰ্ণ লকডাউন ঘোষণা কৰিবলৈ পুনৰ দাবী জনালোঁ।” তেওঁ লগতে পেট্ৰ’ল ডিজেলৰ মূল্যবৃদ্ধি প্ৰত্যাহাৰ কৰা, অত্যাধিক কৰৰ বোজা উঠাই লোৱা, আয়কৰ দিব নলগা প্ৰতিটো পৰিয়ালক মাহিলী ৭,৫০০ টকাকৈ ছমাহলৈ নগদ ধন দিয়া, পৰিয়ালৰ প্ৰতিজন লোকক মাহিলি ১০ কিলোগ্ৰাম বিনামূলীয়া চাউল আদি খাদ্যশস্য ছমাহলৈ যোগান ধৰা আদি ৭ দফীয়া দাবী পুৰণৰ বাবে চৰকাৰক আহ্বান জনায়। লগতে চি পি আইৰ হৈ ৰমেন দাসে বাঘজানৰ ঘটনাৰ চি বি আই তদন্তৰ দাবী জনায়।