ষ্টাফৰিপোৰ্টাৰ, ২২ এপ্ৰিল :: কৰ’না ভাইৰাছ মহামাৰী প্ৰতিৰোধী যুঁজৰ ফলত স্থবিৰ হৈ পৰা সকলো প্ৰকাৰৰ ব্যৱসায়-বাণিজ্যৰ লগতে গৃহবন্দী অৱস্থাত থকা জনসাধাৰণৰ ওপৰত অধিক কৰৰ বোজা জাপি দিয়া বিজেপি নেতৃত্বাধীন সোণোৱাল চৰকাৰৰ সিদ্ধান্ত দূৰ্ভাগ্যজনক বুলি অভিহিত কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে |প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় ” এহাতে মানুহৰ সকলো পৰ্যায়ৰ উপাৰ্জনৰ পথ বন্ধ আৰু আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ চাহিদা কমি যোৱাৰ ফলত ইয়াৰ মূল্য অস্বাভাৱিক হাৰত কমি গৈছে |এই সময়ত অসম চৰকাৰৰ বিত্ত বিভাগে পেট্ৰল আৰু ডিজেলৰ ওপৰত ৫ টকাকৈ অতিৰিক্ত “ভেট ” প্ৰয়োগ কৰা কাৰ্য্য দূৰ্ভাগ্যজনকেই নহয় ই ভূতৰ ওপৰত দানহ পৰাৰ লেখীয়া হৈছে | ডিজেলৰ মূল্য বৃদ্ধিৰ ফলত আটাইতকৈ বেছি দূৰ্যোগৰ সন্মুখীন হব ৰাজ্যৰ কৃষক সমাজ | পৰিবহন ব্যৱস্থাও ক্ষতিগ্ৰস্থ হব | ইমানদিনে চৰকাৰে দাবী কৰি অহা সুস্থিৰ বিত্তীয় অৱস্থা কথাষাৰ আভুৱাভঁৰাহে আছিল নেকি ? এমাহ “ল’ক ডাউন” হওঁতেই কৰৰ বোজা সৰ্বসাধাৰণৰ ওপৰত জাপিব লগা হলনে ? সৰ্বসাধাৰণ ৰাইজে দল-মত নিৰ্বিশেষে “ক’ৰোনা ” সৃষ্ট পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ দিল্লী- দিছপুৰৰ চৰকাৰক পাৰ্য্যমানে ধনে-জনে সহায় কৰি আহিছে | সমাজৰ একেবাৰে দৰিদ্ৰজনে আৰু আৰ্তজনৰ প্ৰতি সহায়ৰ হাত আগবঢ়াইছে | বেংকৰ বা ব্যক্তিগত লোকৰ পৰা ঋৃণ লৈ খেতি কৰি সৰ্বস্বান্ত হোৱা কৃষকজনেও সহাায়ৰ হাত আগবঢ়াইছে | এনে সময়ত ৰাজ্যচৰকাৰৰ এনে সিদ্ধান্ত জনবিৰোধী | এই হঠকাৰী সিদ্ধান্ত তাৎকালেই বাতিল কৰিবলৈ প্ৰদেশ কংগ্ৰেছ কমিটিয়ে দাবী জনায় ||
