ৰেচন কাৰ্ডধাৰী সকললৈ কামৰূপ জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। পেঞ্চনাৰ আৰু চৰকাৰী চাকৰিয়াল সকলে ঘূৰাই দিব লাগিব ৰেচন কাৰ্ড।
কামৰূপ জিলা প্ৰশাসনে এক নিৰ্দেশনা জাৰি কৰি এই বৰ্ষৰ ১৫ মাৰ্চৰ ভিতৰত তেওঁলোকৰ ৰেচন কার্ডসমূহ জিলা প্ৰশাসনৰ ওচৰত ঘূৰাই দিয়াৰ নিৰ্দেশ জাৰি কৰিছে।
অন্যথা অভিযুক্ত ব্যক্তিৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হব বুলিও সকীয়নী প্ৰদান কৰিছে জিলা প্ৰশাসনে।
উল্লেখ্য যে, কামৰূপৰ লগতে ৰাজ্য আন আন জিলাত অনেক পেঞ্চনাৰ, চৰকাৰী চাকৰিয়াল আৰু সামৰ্থবান লোকে অবৈধভাৱে ৰেচন কার্ডকে ধৰি চৰকাৰী আঁচনিৰ সুবিধা গ্ৰহণ কৰি আহিছে।
এনে পৰিপ্ৰেক্ষিতত ৰেচন কার্ডধাৰী অযোগ্য ব্যক্তিৰ বিৰুদ্ধে এতিয়া কঠোৰ হৈছে কামৰূপ জিলা প্ৰশাসন।
