গুৱাহাটীঃ তিনিচুকীয়াৰ পেঙেৰী অঞ্চলত সেনা-আৰক্ষীৰে সংঘৰ্ষত এজন সন্দেহযুক্ত আলফা (স্বাধীন) লিংকমেন আহত হোৱাৰ লগতে আন তিনিজনক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়।
ইফালে এই সংঘৰ্ষক লৈ অঞ্চলটোত সৃষ্টি হয় তীব্ৰ উত্তেজনাপূৰ্ণ পৰিৱেশৰ।
স্থানীয় লোকে আৰক্ষীয়ে অঞ্চলটোৰ নিৰীহ লোকসকলক আলফা (আই) লিংকমেন হিচাপে দেখুৱাই আহিছে বুলি দাবী কৰাৰ বিপৰীতে আৰক্ষীয়ে উগ্ৰপন্থী সংগঠনৰ কেডাৰসকলক আশ্ৰয় আৰু খাদ্য যোগান ধৰা বুলি কয়।
ইয়াৰ পূৰ্বে জিলাখনৰ আপাৰ দিহিং সংৰক্ষিত বনাঞ্চলৰ ভিতৰত আলফা (আই) আউটফিটৰ কেডাৰ আৰু আৰক্ষী বাহিনীৰ মাজত সংঘৰ্ষৰ বাতৰি পোৱা গৈছিল য’ত এজন লোক আঘাতপ্ৰাপ্ত হয়। এতিয়া তেওঁ চিকিৎসাধীন হৈ আছে। অৱশ্যে আন উগ্ৰপন্থীয়ে সেই স্থানৰ পৰা পলায়ন কৰিবলৈ সক্ষম হোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
তিনিচুকীয়া আৰক্ষী অধীক্ষক গৌৰৱ অভিজিত দিলিপে কয়, ‘পেঙেৰী থানাৰ অন্তৰ্গত খাটাংপানী অঞ্চলত আলফাৰ এটা দলে আশ্ৰয় লৈ থকা বুলি গোপন খবৰ লাভ হৈছিল। মঙলবাৰে নিশাৰ পৰা আৰক্ষীৰ লোকে অভিযান আৰম্ভ কৰে।”
বুধবাৰে পুৱা নিৰাপত্তাৰক্ষীয়ে আটক কৰা চাৰিজন লোকৰ ভিতৰত এজনক লৈ গৈ বনাঞ্চলৰ ভিতৰত উগ্ৰপন্থীৰ বাবে খাদ্য ৰন্ধা ঠাইখন দেখুৱাইছিল বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে জনায়।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ লগে লগে উগ্ৰপন্থীয়ে গুলীচালনা আৰম্ভ কৰাৰ অভিযোগ উত্থাপন কৰি নিৰাপত্তা বাহিনীয়ে পুনৰ গুলীচালনা কৰে।
আনহাতে, আলফা (আই)য়ে সংবাদ মাধ্যমক দিয়া এক বিবৃতিত এই অভিযোগ অস্বীকাৰ কৰি দাবী কৰিছে যে আৰক্ষীৰ হাতত থকা কোনো এজনো তেওঁলোকৰ লিংকমেন নাছিল।
সংগঠনটোৱে কয়, ‘আলফা (আই) কেডাৰে নিৰাপত্তাৰক্ষীৰ সৈতে বন্দুকৰ যুঁজত লিপ্ত হোৱাৰ বাতৰি সম্পূৰ্ণ মিছা। সংগঠনটোৰ কোনো সদস্যই বনাঞ্চলত আশ্ৰয় লোৱা নাছিল। অসম আৰক্ষীয়ে বিপথে পৰিচালিত কৰিছে আৰু এই ভুৱা উৰাবাতৰিৰ সন্মুখীন নহ’বলৈ আমি ৰাইজক আহ্বান জনাইছো।”
যুৱককেইজনক মুক্তিৰ দাবীত ঘণ্টাৰ পিছত ঘণ্টা ধৰি পেঙেৰী থানাত ঘেৰাও কৰি আহিছে স্থানীয় ৰাইজে।