পেগাছাছ স্পাইৱেৰঃ ৰাহুল গান্ধী, প্ৰশান্ত কিশোৰ, অভিষেক বেনাৰ্জীৰ ফোন হেক কৰি নিৰ্বাচনত নিজৰ ৰণনীতি প্ৰস্তুত কৰিছিল নেকি প্ৰধানমন্ত্ৰী মোডীয়ে

283

পূৰ্বোত্তৰ বিশেষঃ আজিৰ ৰাষ্ট্ৰীয় পৰ্যায়ত আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো কি বুলি যদি আপোনাক আমি প্ৰশ্ন কৰো, তেন্তে ইয়াৰ উত্তৰ আপুনি কি বুলি ক’ব? হয়তো আপুনি ক’ব পেট্ৰ’লজাত সামগ্ৰী আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি আজিৰ সময়ত এক গুৰুত্বপূৰ্ণ বিষয়। হয়তো আপুনি ক’ব, কোৰোনাৰ বিৰুদ্ধে কৰা যুঁজখনত হাস্পতালত অক্সিজেন আৰু অন্যান্য চিকিৎসা সঁজুলিৰ নাটনিৰ বিষয়ে আলোচনা হোৱা উচিত। হয়তো আপুনি এয়াও ক’ব যে কোভিড ভেকচিন প্ৰদানৰ লেহেমীয়া গতি সন্দৰ্ভত এক বহল আলোচনা হোৱা উচিত।

কিন্তু এই মুহূৰ্তত ইয়াতকৈও অতি গুৰুত্বপূৰ্ণ বিষয় এটাৰ বিষয়ে আমি আপোনাক ক’ব বিচাৰো। যিয়ে ব্যক্তি স্বাধীনতা, গোপনীয়তাৰ লগতে গণতান্ত্ৰিক ব্যৱস্থাৰ ওপৰত প্ৰশ্নৰ অৱতাৰণা কৰিছে। সেয়া হৈছে পেগাছাছ স্পাইৱেৰ কেলেংকাৰী। ইজৰাইলী কোম্পানী এনএছঅ’ৰ দ্বাৰা নিৰ্মিত পেগাছাছ স্পাইৱেৰ এক হেকিং চিষ্টেম। যাক লৈ আজি সমগ্ৰ দেশ উত্তপ্ত হৈ পৰিছে। বিৰোধীৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে ভাৰত চৰকাৰ। কিন্তু কিয়? জানিবলৈ নিশ্চয় আপোনাৰো মন আছে।

ইজৰাইলী কোম্পানী এনএছঅ’ৰ দ্বাৰা নিৰ্মিত পেগাছাছ স্পাইৱেৰে আপোনাৰ মোবাইল বা কম্পিউটাত প্ৰৱেশ কৰি আপোনাৰ সমস্ত গোপনীয়তা মুহূৰ্তৰ ভিতৰতে নসাৎ কৰিব পাৰে। আপুনি কাৰ সৈতে কথা পাতিছে, কাক মেছেজ কৰিছে, কেতিয়া কেমেৰা অন কৰিছে বা ইণ্টাৰনেটত আপুনি কি তথ্যৰ সন্ধান কৰিছে, এই সমগ্ৰ তথ্য অতি চতুৰতাৰে পেগাছাছ স্পাইৱেৰে ৰেকৰ্ড কৰি অন্যলৈ প্ৰেৰণ কৰিব পাৰে। সহজ ভাষাত ক’বলৈ গ’লে অন্য হেকিং চিষ্টেমতকৈ পেগাছাছ স্পাইৰেল অধিক বেছি বিপদজনক।

কিন্তু এই চফ্টৱেৰ সকলোৱে ক্ৰয় কৰিব নোৱাৰে। এনএছঅ’ৰ কোম্পানী ডাটাত উল্লেখ থকা মতে, এই কোম্পানীটোৱে কেৱল আৰু কেৱল মাত্ৰ চৰকাৰৰ সৈতেহে চুক্তিবদ্ধ হয় বা চৰকাৰক হে এই চফ্টৱেৰ বিক্ৰী কৰে। যাৰ বাবে আজি ভাৰত চৰকাৰৰ ওপৰত এই চফ্টৱেৰ ক্ৰয়ৰ অভিযোগ বাৰাম্বাৰ উত্থাপন হৈছে। কিয়নো ভাৰতৰ ৩০০ গৰাকী নেতা-ব্যৱসায়ী বা প্ৰতিষ্ঠিত ব্যক্তিৰ ফোন পেগাছাছ স্পাইৱেৰৰ জৰিয়তে হেক কৰাৰ চেষ্টা কৰা হৈছে বা হেক কৰা হৈছে।

পেৰিছস্থিত এটা স্বেচ্ছাসেৱী সংস্থাই পেগাছাছ স্পাইৱেৰৰ দ্বাৰা হেক কৰা ফোন নম্বৰৰ এখন বিশাল তালিকা বিভিন্ন দেশৰ ১৭টা সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰিছিল। ভাৰতৰ বহুল জনপ্ৰিয় নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’লৈও প্ৰেৰণ কৰা হৈছিল এই তালিকা। য’ত এই কথা স্পষ্ট হৈ পৰে যে ভাৰতৰ ৩০০ গৰাকী লোকৰ ফোন নম্বৰ এই হেকিং চিষ্টেমৰ জৰিয়তে হেক কৰা হৈছিল বা হেক কৰাৰ চেষ্টা কৰা হৈছিল। এই তালিকাত নাম সন্নিৱিষ্ট হৈছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী, ৰাজনৈতিক ৰণনীতিকাৰ প্রশান্ত কিশোৰ, মমতা বেনাৰ্জীৰ ভতিজা অভিষেক বেনাৰ্জীৰ দৰে নেতাৰ নাম। আনকি বিজেপিৰ দুগৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ নামো সন্নিৱিষ্ট হৈছে এই তালিকাত।

যদি পেগাছাছ স্পাইৱেৰ কেৱল চৰকাৰৰ দ্বাৰাহে ক্ৰয় কৰা সম্ভৱ, তেন্তে ভাৰতত ইমানবোৰ নেতা-ব্যৱসায়ীৰ নাম এই কোম্পানীৰ দ্বাৰা কৰা হোৱা হেকিং তালিকাত অন্তৰ্ভূক্ত হোৱাক লৈ মোডী চৰকাৰৰ ওপৰত সন্দেহ বৃদ্ধি হোৱাটো স্বাভাৱিক। নৰেন্দ্ৰ মোডী চৰকাৰে ক্ষমতাৰ বাবে এনেদৰে এটা বিদেশী হেকিং কোম্পানীৰ জৰিয়তে বিৰোধীৰ ওপৰত নজৰ ৰাখিছিল নেকি বুলিও এতিয়া প্ৰশ্ন উঠিছে।

২০১৮ চনত ৰাহুল গান্ধী যেতিয়া কংগ্ৰেছৰ অধ্যক্ষ হৈ আছিল, তেতিয়াই তেওঁৰ এটা ফোন নম্বৰ পেগাছাছ স্পাইৱেৰে হেকিং কৰাৰ চেষ্টা কৰিছিল। যদি তাত সফল হৈছিল, তেন্তে ইয়াত কোনো সন্দেহ নাই যে ২০১৯ৰ লোকসভা নিৰ্বাচনৰ সময়ত ৰাহুল গান্ধীৰ প্ৰতিটো ৰণনীতিৰ খবৰ এক পক্ষই লাভ কৰিছিল। যি কাৰণে নিৰ্বাচনত কংগ্ৰেছ শোচনীয় পৰাজয়ৰ সন্মূখীন হোৱাৰো অৱকাশ আছে। ৰাহুল গান্ধীৰ আন এটা ফোন নম্বৰ লোকসভা নিৰ্বাচনৰ পৰৱৰ্তী সময়ত হেক কৰাৰ চেষ্টা কৰা হৈছিল। কিন্তু কেৱল ৰাহুল গান্ধীৰে নহয়, তেওঁৰ ওচৰে পাজৰে থকা আৰু ঘনিষ্ঠৰূপে পৰিচিত আন ৫ গৰাকী কংগ্ৰেছ নেতাৰ নম্বৰো পেগাছাছ স্পাইৱেৰৰ হেকিং তালিকাত সন্নিৱিষ্ট হৈছে।

২০১৯ৰ লোকসভা নিৰ্বাচনৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অমিত শ্বাহে যেতিয়া পুলৱামাৰ শ্বহীদ জোৱানৰ নামত ভোট বিচাৰিছিল, তেতিয়া প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক নিৰ্বাচনী আচৰণ বিধি ভংগৰ জাননী জাৰি কৰিছিল তেতিয়াৰ মুখ্য নিৰ্বাচনী আয়ুক্ত অশোক লাভাছাই। তেওঁ বাৰে বাৰে কৈছিল- শ্বহীদৰ নামত ৰাজনীতি কৰা অনুচিত। আৰু সেইগৰাকী অশোক লাভাছাৰো ফোন নম্বৰ হেক কৰা হৈছে পেগাছাছ স্পাইৱেৰৰ জৰিয়তে।

পশ্চিমবংগত তৃণমূল কংগ্ৰেছৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা ৰাজনৈতিক ৰণনীতিকাৰ প্ৰশান্ত কিশোৰ আৰু তৃণমূল কংগ্ৰেছৰ নেতা তথা মমতা বেনাৰ্জীৰ ভাতৃপুত্ৰ অভিষেক বেনাৰ্জীৰ ফোন নম্বৰো হেকিং তালিকাত পোৱা গৈছে। তাতকৈ দুৰ্ভাগ্যজনক কথা, ২০১৯ত তেতিয়াৰ দেশৰ মুখ্য ন্যায়াধীশ তথা অসম সন্তান ৰঞ্জন গগৈৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰা নিৰ্যাতিতা মহিলাগৰাকীৰ পৰিয়ালৰো সকলো গতিবিধিৰ ওপৰত নজৰ ৰাখিছিল পেগাছাছ স্পাইৱেৰে।

২০১৭ চনত বিজেপিত যোগ দিয়াৰ পূৰ্বে অশ্বিনী বৈষ্ণৱৰ ফোনো কৰা হৈছিল হেক। বৰ্তমান তেওঁ বিজেপি চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী। আন এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ পেটেলৰ নম্বৰো পেগাছাছ স্পাইৱেৰৰ দ্বাৰা হেক কৰা হৈছিল। ইয়াৰোপৰি দেশৰ ৪০ গৰাকীকৈ সাংবাদিকৰ ফোন হেক কৰা হৈছিল পেগাছাছ স্পাইৱেৰৰ যোগেদি। যাৰ ভিতৰত আছে ‘দ্য ৱায়াৰ’ৰ সম্পাদক সিদ্ধাৰ্থ বৰাদাৰজন, এম কে বেণু, সুশান্ত সিঙৰ দৰে সাংবাদিকৰ নাম।

চৰকাৰৰ দমনমূলক নীতিৰ বিষয়ে বৌদ্ধিক মহল সদাজ্ঞাত। বিৰোধীক কেনেদৰে দমন কৰি ৰাখিব পাৰি, সেই কথা চৰকাৰখনে জানে বাবেই দেশৰ ইমানবোৰ গুৰুত্বপূৰ্ণ বিষয়ত চৰকাৰৰ ব্যৰ্থতাৰ পিছতো মোডী চৰকাৰ অপ্ৰতিৰোধ্য। কিন্তু বিৰোধীক দমন কৰিবলৈ এনেদৰে ব্যক্তি স্বাধীনতা আৰু গোপনীয়তাক নসাৎ কৰি চৰকাৰে এটা বিদেশী কোম্পানীৰ জৰিয়তে বিৰোধীক নিয়ন্ত্ৰণ কৰাৰ যি চেষ্টা চলাই আহিছে, তাক হয়তো কোনেও মানি ল’ব নোৱাৰে।

পেগাছাছ স্পাইৱেৰ কেলেংকাৰীক লৈ চৰকাৰ জবাবদিহী হোৱাৰ প্ৰয়োজন আছে। কিয়নো এই চফ্টৱেৰ নিৰ্মাণ কৰা এনএছঅ’ গ্ৰুপৰ পলিচীত এই কথা স্পষ্ট হৈ আছে যে এই চফ্টৱেৰ কেৱল চৰকাৰে অপৰাধীৰ বিৰুদ্ধে ব্যৱহাৰৰ বাবে ক্ৰয় কৰিব পাৰে। ভাৰতত চৰকাৰ এখনেই। গতিকে যদি পেগাছাছ স্পাইৱেৰ ব্যৱহাৰৰ বাবে কাৰোবাৰ ওপৰত সন্দেহ কৰিবলগা হয়, তেন্তে সেয়া চৰকাৰেই হব। আৰু যদি চৰকাৰখনে নিজকে নিৰ্দোষী বুলি দাবী কৰিব বিচাৰে, তেন্তে ইয়াৰ তদন্তৰ নিৰ্দেশ দিয়া উচিত। যি হয়তো মোডী চৰকাৰৰ বাবে অধিক ক্ষতিকাৰক হব।