পেগাছাছ কেলেংকাৰী সন্দৰ্ভত শপতনামা দাখিল নকৰে কেন্দ্ৰীয় চৰকাৰে, অসন্তুষ্টি ব্যক্ত উচ্চতম ন্যায়ালয়ৰ

150

উচ্চতম ন্যায়ালয়ে সোমবাৰে পেগাচাছ চোৰাংচোৱা গোচৰৰ শুনানি গ্ৰহণ কৰে। শুনানিৰ সময়ত, কেন্দ্ৰীয় চৰকাৰে স্পষ্ট কৰি দিয়ে যে তেওঁলোকে এই গোচৰ সন্দৰ্ভত শপতনামা দাখিল কৰিব নোৱাৰে। চৰকাৰে কয় যে এয়া ৰাজহুৱা ক্ষেত্ৰৰ বিষয় নহয়, সেয়েহে শপতনামা দাখিল কৰিব নোৱাৰে। কিন্তু চোৰাংচোৱাৰ অভিযোগৰ তদন্ত কৰিবলৈ এটা পেনেল গঠন কৰিবলৈ ইচ্ছুক বুলিও মন্তব্য কৰে চৰকাৰে।

ইফালে, মুখ্য ন্যায়াধীশ ৰামান্নাই চৰকাৰৰ উত্তৰত অসন্তুষ্টি প্ৰকাশ কৰি কয় যে আমি জানিব লাগিব যে কোনোবাই স্পাইৱেৰ ব্যৱহাৰ কৰিব পাৰে নেকি। চৰকাৰে ইয়াক ব্যৱহাৰ কৰিছিল নেকি? এই কাৰ্য্য আইনীভাৱে হৈছিল নেকি? যদি চৰকাৰে শপতনামা দাখিল কৰিব নিবিচাৰে, তেন্তে উচ্চতম ন্যায়ালয়েই আদেশ প্ৰদান কৰিব লাগিব বুলিও স্পষ্ট কৰি দিয়ে মুখ্য ন্যায়াধীশ গৰাকীয়ে।

শুনানিৰ সময়ত কেন্দ্ৰীয় চৰকাৰৰ হৈ উপস্থিত থকা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ তদন্তৰ বাবে নিৰাপত্তা আৰু সামৰিক সংস্থাসমূহে বিভিন্ন ধৰণৰ ছফ্টৱেৰ ব্যৱহাৰ কৰে। যদি চৰকাৰে ইয়াক ৰাজহুৱা কৰে, ইয়াক সন্ত্ৰাসবাদী বা দেশ বিৰোধী শক্তিয়ে অপব্যৱহাৰ কৰিব। এইটো আশংকা কৰা হৈছে যে সন্ত্ৰাসবাদীসকলে ইয়াক সংশোধন কৰিব আৰু ট্ৰেকিং পৰিহাৰ কৰিব। মেহতাই লগতে কয় যে কেন্দ্ৰীয় চৰকাৰে নিৰীক্ষণসম্পৰ্কীয় সকলো তথ্য বিশেষজ্ঞ কাৰিকৰী সমিতিৰ সন্মুখত ৰাখিবলৈ সাজু যি আদালতক প্ৰতিবেদন দিব পাৰে।

কিন্তু উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰামান্নাই পেগাচাছ বিষয়ত কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰি কয় যে আপুনি বাৰে বাৰে একেটা বস্তুলৈ ঘূৰি গৈ আছে। আমি জানিব বিচাৰো যে চৰকাৰে এতিয়ালৈকে কি কৰি আছে। আমি ৰাষ্ট্ৰীয় স্বাৰ্থৰ বিষয়লৈ যোৱা নাই। আমাৰ সীমিত চিন্তা হৈছে মানুহৰ বিষয়ে। সমিতিৰ নিযুক্তি কোনো সমস্যা নহয়। শপতনামাখনৰ উদ্দেশ্য হৈছে আপুনি কি কৰি আছে আমাক জনোৱা।