পেগাছাছ কেলেংকাৰীঃ ফ্ৰান্সে যদি তদন্ত কৰিব পাৰে, ভাৰত চৰকাৰে কিয় নোৱাৰে?

636

পংকজ তৰুণ

পূৰ্বোত্তৰ বিশেষঃ বিশ্বজুৰি চৰ্চিত পেগাছাছ স্পাইৱেৰ হেকিং চফ্টৱেৰৰ জৰিয়তে কেৱল ভাৰতৰে নহয়, অন্য কেইবাখনো ৰাষ্ট্ৰৰ সাংবাদিক, নেতা অথবা বিশিষ্ট ব্যক্তিৰ ফোন হেক কৰাৰ কথা পোহৰলৈ আহিছে। ইজৰাইলী কোম্পানী এনএছঅ’ৰ দ্বাৰা নিৰ্মিত পেগাছাছ স্পাইৱেৰৰ দ্বাৰা ১০ খন ৰাষ্ট্ৰৰ নেতা, বিষয়া আৰু সাংবাদিকৰ ফোন হেক কৰাৰ তথ্য পোহৰলৈ আনিছিল ‘ফ’ৰবিডেন ষ্টৰীজ’ নামৰ এটা সংস্থাই। তাৰ পিছতে সমগ্ৰ বিশ্বত এই বিষয়ক লৈ চৰ্চা আৰম্ভ হয়। ভাৰততো ৩৮ গৰাকী সাংবাদিক, ৩ গৰাকী প্ৰধান বিৰোধী নেতা, দুগৰাকী মন্ত্ৰী আৰু এগৰাকী ন্যায়াধীশৰ লগতে আন বহু জনৰ ফোন হেক কৰাৰ তথ্য পোহৰলৈ আহিছিল।

বেলেগ বেলেগ দেশৰ ১৬টা সংবাদ প্ৰতিষ্ঠানে অনুসন্ধান চলাই প্ৰকাশ কৰা এই তালিকাত নাম আছে বিৰোধী নেতা ৰাহুল গান্ধী, প্ৰশান্ত কিশোৰ, অভিষেক বেনাৰ্জীৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ দুগৰাকী মন্ত্ৰীৰো। দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু তেওঁৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপনৰ কৰা মহিলাগৰাকীৰ ফোন নম্বৰ হেক কৰা হোৱা বুলিও সংবাদ প্ৰতিষ্ঠানৰ অনুসন্ধানত পোহৰলৈ আহিছে।

কিন্তু যিহেতু এই হেকিং ছফ্টৱেৰ নিৰ্মাণ কৰা কোম্পানী এনএছঅ’ৰ পলিছীত স্পষ্ট হৈ আছে যে তেওঁলোকে কেৱল সাংবিধানিকভাৱে গঠন হোৱা চৰকাৰকহে এই ছফ্টৱেৰ বিক্ৰী কৰে, সেইবাবেই এতিয়া এই হেকিং ছফ্টৱেৰ ব্যৱহাৰৰ সন্দেহত জবাবদিহী কৰা হৈছে ভাৰত চৰকাৰৰ লগতে অন্য দেশৰ চৰকাৰসমূহক।

ভাৰতত বিৰোধীয়ে মাত মাতিছে। এই সমগ্ৰ বিষয়টোক ইছ্যু হিচাপে লৈ মোডী চৰকাৰক কাঠগড়াত ঠিয় কৰোৱাৰ প্ৰযত্ন কৰিছে। কিন্তু ইমানৰ পিছতো মোডী চৰকাৰে বাৰে বাৰে ইয়াকে পতিয়ন নিয়াব বিচাৰিছে যে পেগাছাছৰ জৰিয়তে কাৰো ফোন হেকিং কৰা হোৱাই নাই। আনকি এই বিষয়ৰ তদন্ত কৰিবলৈও অস্বীকাৰ কৰিছে চৰকাৰে।

কিন্তু ভাৰত চৰকাৰে পেগাছাছ স্পাইৱেৰ কেলেংকাৰীৰ তদন্ত কৰিবলৈ অস্বীকাৰ কৰিলেও তদন্তৰ বাবে আগবাঢ়ি আহিছে ফ্ৰান্স চৰকাৰ। ফ্ৰান্সৰো কেইবাগৰাকী সাংবাদিক তথা অন্য লোকৰ ফোন হেক কৰাৰ তথ্য পোহৰলৈ অহাৰ পিছতে ৰাষ্ট্ৰখনৰ ‘মিডিয়াপাৰ’ নামৰ সংবাদ প্ৰতিষ্ঠানটোৰ অভিযোগৰ ভিত্তিত এতিয়া পেগাছাছ স্পাইৱেৰ কেলেংকাৰীৰ তদন্ত আৰম্ভ কৰিছে ফ্ৰান্স চৰকাৰে।

‘মিডিয়াপাৰ’ নামৰ ফ্ৰান্সৰ অনুসন্ধানকাৰী সংবাদ প্ৰতিষ্ঠানটোৰ প্ৰতিষ্ঠাপক এডবী প্লেনেল আৰু সাংবাদিক লীনাগ ব্ৰেডাৰ ফোনো হেক কৰাৰ তথ্য পোহৰলৈ আহিছিল কিছুদিন আগতে। তাৰ পিছতে এই সংবাদ প্ৰতিষ্ঠানৰ অভিযোগৰ ভিত্তিত ফ্ৰান্স চৰকাৰে তদন্ত আৰম্ভ কৰে। উল্লেখ্য যে, ‘মিডিয়াপাৰ’ নামৰ সংবাদ প্ৰতিষ্ঠানটোৱে দাখিল কৰা অভিযোগৰ ভিত্তিতেই ফ্ৰান্স চৰকাৰে ৰাফেল কেলেংকাৰীৰো তদন্তৰ নিৰ্দেশ দিছিল।

ভাৰতৰ আগশাৰীৰ সংবাদ সংস্থা ‘দৈনিক ভাস্কৰ’ৰ সৈতে হোৱা বাৰ্তালাপত ফ্ৰান্সৰ সাংবাদিক লীনাগ ব্ৰেডাই ফোন হেকিঙক লৈ ফ্ৰান্স চৰকাৰে আৰম্ভ কৰা তদন্তৰ কথা উল্লেখ কৰে।

ব্যক্তি স্বাধীনতাক নসাৎ কৰি, সকলো গোপনীয়তা ভংগ কৰি এজন ব্যক্তিৰ ওপৰত নজৰ ৰখাটো কেতিয়াও গ্ৰহণযোগ্য নহয় আৰু হব নোৱাৰে। ফ্ৰান্সে সেই কথা বুজিয়েই লীনাগ ব্ৰেডা আৰু এডবী প্লেনেলৰ দৰে সাংবাদিকৰ অভিযোগৰ ভিত্তিত ফোন হেকিং কেলেংকাৰীৰ তদন্ত আৰম্ভ কৰিছে।

ভাৰততো এই কেলেংকাৰীক লৈ ৰাজ্যসভা, লোকসভাৰ মজিয়া উত্তাল কৰিছে বিৰোধীয়ে। ভাৰতত প্ৰায় ৩০০ গৰাকী লোকৰ ফোন হেক কৰাৰ সন্দেহ কৰা হৈছে। ইয়াৰ ভিতৰত আছে সাংবাদিক, বিৰোধী নেতা, ন্যায়াধীশ। আনকি চৰকাৰৰ দুগৰাকী মন্ত্ৰীৰ নামো আছে এই তালিকাত। কিন্তু তাৰ পিছতো চৰকাৰে সমগ্ৰ বিষয়টো উপেক্ষা কৰাহে পৰিলক্ষিত হৈছে। এয়া এখন গণতান্ত্ৰিক দেশত গণতন্ত্ৰৰ চৰম অপমান নহয়নে? সেই প্ৰশ্নই উত্থাপন কৰিছে বিৰোধীয়ে।

দুৰ্ভাগ্যজনকভাৱে ভাৰতত চৰকাৰক উভতি ধৰিবলৈ বা পেগাছাছৰ দৰে কেলেংকাৰীৰ বিৰুদ্ধ তদন্তৰ দাবী জনাব পৰাকৈ সাংবাদিকৰ অভাৱ। অধিকাংশ সংবাদ প্ৰতিষ্ঠান আৰু সাংবাদিকেই নিজৰ চাকৰিটোৰ বাবে বা চৰকাৰী বিজ্ঞাপনৰ বাবে চৰকাৰৰ চাতুকাৰীতা কৰা দেখা যায়। আনহাতে চৰকাৰৰ বিৰুদ্ধে কোৱা বা প্ৰকৃত সত্যক তুলি ধৰা সংবাদ প্ৰতিষ্ঠান বা সাংবাদিক যি আঙুলিমূৰত গণিব পৰাকৈ আছে, তেওঁলোকৰ কাৰ্যালয়ত বা বাসগৃহতো চৰকাৰী সংস্থাৰ জৰিয়তে অভিযান চলাই চলে বলে কৌশলে দমন কৰাৰ চেষ্টা চলায় চৰকাৰে। তাৰ প্ৰমাণ বৃহস্পতিবাৰে ‘দৈনিক ভাস্কৰ’ আৰু ‘ভাৰত চমাছাৰ’ৰ কাৰ্যালয় আৰু মুখ্য সম্পাদকৰ ঘৰত আয়কৰ বিভাগে চলোৱা অভিযান।

এনে পৰিপ্ৰেক্ষিতত ভাৰতত পেগাছাছ স্পাইৱেৰ কেলেংকাৰীৰ তদন্ত কল্পনাৰো অগোচৰ। এয়া বিৰোধীৰ বাবে কেইদিনমানৰ কাৰণে এটা ইছ্যু নিশ্চয় হব পাৰে। কিন্তু সময়ত লাহে লাহে সকলো শাম কাটিব। বিৰোধীয়ে হওঁক বা জনতা, সকলোৱে পাহৰি পেলাব। যিদৰে মানুহে পাহৰি গৈছে কৃষক আন্দোলনৰ কথা, নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ কথা, ৰাফেল কেলেংকাৰীৰ কথা বা বিমুদ্ৰাকৰণে সৃষ্টি কৰা বিধ্বস্ত অৰ্থনীতিৰ কথা।

পেগাছাছ স্পাইৱেৰ কেলেংকাৰী হয়তো সৰু বিষয় নহয়। যাৰ বাবে ফ্ৰান্স চৰকাৰে তাক গুৰুত্বসহকাৰে লৈ তদন্তৰ বাবে আগবাঢ়িছে। কিন্তু ভাৰতত খোদ আই টি মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ ফোন হেক কৰাৰ তথ্য পোহৰলৈ অহাৰ পিছতো পেগাছাছৰ জৰিয়তে কাৰো ফোন হেক নোহোৱা বুলিয়েই বিৰোধী আৰু জনতাক পতিয়ন নিয়াব বিচৰা হৈছে। পেগাছাছ কেলেংকাৰীৰ তদন্ত কৰিব যদি ফ্ৰান্সে পাৰে, কিন্তু ভাৰতে কিয় নোৱাৰে?