আজি ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিন। ২০২৪ৰ ঘাত-প্ৰতিঘাত পাহৰি আৰম্ভ হ’ল নৱবৰ্ষ ২০২৫। ৩১ ডিচেম্বৰৰ নিশা কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱা নাই অসমত। বছৰৰ প্ৰথম দিনটোত পূৰ্বৰ তুলনাত এই বৰ্ষত দুৰ্ঘটনাৰ হাৰ হ্ৰাস হৈছে বুলিও মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।২০২৪ জানুৱাৰীৰ ৩১ ডিচেম্বৰৰ দিনটোত কোনো ধৰণৰ ভয়ংকৰ ঘটনা সংঘটিত নোহোৱাৰ উমান পোৱা গৈছে।৩১ ডিচেম্বৰৰ নিশা কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱা নাই গুৱাহাটী মহানগৰীত। মুখ্য়মন্ত্ৰীৰ নিৰ্দেশ আৰু পৰিবহন বিভাগৰ প্ৰচেষ্টাৰ ফলত অসমত কমিছে সুৰাপায়ী চালকৰ সংখ্যা। মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি ৰাইজৰ। ৰাজ্যত হ্ৰাস পাইছে দুৰ্ঘটনাৰ সংখ্যাও।