পংকজ তৰুণ
২৫ জানুৱাৰীত ছবিগৃহত মুক্তি পালে শ্বাহৰুখ খানৰ পাঠান ছবিখনে। বিশ্বৰ এশ খন দেশত হেনো এই ছবিখন মুক্তি দিয়া হৈছে। মুক্তিৰ প্ৰথম দিনটোতে ভাৰতত ৫২.৫ কোটি টকা উপাৰ্জন কৰি অভিলেখ গঢ়িছে ছবিখনে। সমগ্ৰ বিশ্বত ছবিখনৰ কালেকশ্যনে এশ কোটিৰ ঘৰ ইতিমধ্যেই অতিক্ৰম কৰিছে।
অৱশ্যে ভাৰতত মুক্তিৰ পূৰ্বেই চৰ্চাত আছিল পাঠান। ধৰ্মীয় অনুভূতিক আঘাত হনাৰ অভিযোগত ছবিখনৰ বিৰুদ্ধে আৰম্ভ কৰা হৈছিল বয়কট ট্ৰেণ্ড। অসমতো ছবিখনক লৈ খুব চৰ্চা চলিল বিগত কিছু দিনত। কোনোবাই যদি পাঠানৰ বেনাৰ-পোষ্টাৰ ফালি বয়কটৰ দাবী জনালে, আন কোনোৱে আকৌ শ্বাহৰুখ-দিপীকাৰ বিৰুদ্ধে দাখিল কৰিলে এজাহাৰ। খোদ মুখ্যমন্ত্ৰীয়েও ছবিখনক লৈ প্ৰতিক্ৰিয়া দিবলৈ বাধ্য হ’ল। তাক লৈও পৃথক চৰ্চা।
মুঠতে বিগত কিছু দিনত অসমৰ মূল সমস্যাৰ পৰা আঁতৰি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ থাকিল সিদ্ধাৰ্থ আনন্দ পৰিচালিত পাঠান নামৰ ছবিখন। ২৫০ কোটি টকা বাজেটেৰে নিৰ্মাণ কৰা এই ছবিখনে হেনো মুক্তিৰ পূৰ্বেই টিকট বিক্ৰীৰ অভিলেখ ৰচিছিল। বাতৰি অনুসৰি, পাঠানৰ প্ৰথম দিনৰ কালেকশ্যনে দক্ষিণৰ ছুপাৰহিট ছবি কেজিএফ চেপ্টাৰ ২ৰ কালেকশ্যনকো চেৰ পেলাবলৈ সক্ষম হ’ল।
অসমত পাঠান চৰ্চাৰ মাজত বহুতে কৈছে- অসমীয়া ছবিক লৈ চৰ্চা নহয়। মুখ্যমন্ত্ৰীয়ে আহিবলগীয়া ছবি ড০ বেজবৰুৱা চাবলৈ আহ্বান জনাইছিল। সামাজিক মাধ্যমতো বহুজনে কৈছে- বহু কেইখন ভাল ভাল চিনেমা মুক্তিৰ পথত, কিন্তু তাক লৈ কোনো ধৰণৰ আলোচনা নাই। চিনেমা হলৰ মালিকেও অসমীয়া চিনেমা দেখুৱাবলৈ আগ্ৰহী নহয়।
২৭ জানুৱাৰী, অৰ্থাৎ মাত্ৰ দুদিন পিছতে মুক্তি লাভ কৰিব অনুৰ নামৰ অসমীয়া চিনেমাখনে। মঞ্জুল বৰুৱা পৰিচালিত, বলিউডৰ তাৰকা অভিনেতা ৰজত কাপুৰ, জনপ্ৰিয় অভিনেত্ৰী জাহানাৰা বেগম অভিনীত এখন ভিন্নস্বাদৰ ছবি অনুৰ।
মাত্ৰ দুদিন পিছত মুক্তি- অথচ এতিয়াও চৰ্চা নাই অনুৰক লৈ। কিন্তু কিয়? ছবিখনৰ সৈতে জড়িত এগৰাকী সহ-পৰিচালকে দাবী কৰা মতে- ছবিখন হলত প্ৰদৰ্শন কৰিবলৈ আগ্ৰহী নহয় অসমৰ চিনেমাগৃহৰ মালিক।
অসমতে যদি অসমীয়া ছবি নচলে, তেন্তে চলিব ক’ত? অসমৰ মানুহেই যদি অসমীয়া ছবি নাচায় তেন্তে চাব কোনে? তাতে অনুৰ একাসেকা ছবি নহয়। আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱলৈ নিৰ্বাচিত হোৱা এখন ছবি কোনোপধ্যেই স্বাদহীন হ’ব নোৱাৰে নিশ্চয়।
কিন্তু আজিকালি আবেগতে ছবি নচলে। অ’.. এটা সময় আহিছিল, যেতিয়া মানুহ আবেগৰ বশৱৰ্তী হৈ অসমীয়া চিনেমা চাবলৈ ছবিগৃহলৈ গৈছিল। মিছন চাইনা, ৰত্নাকৰ, বন্ধুৰ দৰে চিনেমা মানুহে আবেগত চাই জুটি নাপালে নিশ্চয়।
মানুহৰ হাতত মনোৰঞ্জনৰ বহু আহিলা আছে। তেওঁলোকে পৰিয়ালৰ সৈতে সময় কটাব পাৰে, ভাল ৰেষ্টুৰেণ্টত খাবলৈ যাব পাৰে, বন্ধুৰ সৈতে আড্ডা মাৰিব পাৰে, গীত শুনিব পাৰে অথবা ঘৰতে বহি মোবাইলত চিনেমা চাবও পাৰে। আজিকালি নেটফ্লিক্স, হটষ্টাৰৰ যুগ।
এনে সময়ত চিনেমা হললৈ মানুহক টানি নিয়াটোৱেই এক কঠিন কাম। কিন্তু মানুহ আবেগতে হওক বা অইন কাৰণত ছবিগৃহলৈ গৈ যদি চিনেমাখন চায়েই সুখী নহয়, তেন্তে ভৱিষ্যতে অন্য ছবিৰ ওপৰতো তাৰ প্ৰভাৱ পৰিবই।
কোৱা হয়- সৰুতে এবাৰ সাপে কামুৰিলে, কেচুলৈকে ভয়। আবেগৰ বশৱৰ্তী হৈ এখন নিকৃষ্ট চিনেমা উপভোগ কৰি পিছলৈ টকা আৰু সময় নষ্ট কৰিবলৈ মানুহে টান পোৱাটো স্বাভাৱিক।
তাৰ পিছতে আহে এখন ছবিৰ প্ৰচাৰ। শ্বাহৰুখ খানৰ পাঠান আৰু অসমীয়া চিনেমাৰ মাজত তুলনা কেতিয়াও নহয়। প্ৰচাৰৰো তুলনা নহয়।
আহিবলগীয়া ছবি অনূৰৰ মুঠ বাজেট ৫০ লাখ টকা। কিন্তু পাঠানৰ বাজেট ২৫০ কোটি টকা। আপুনি এয়া জানি হয়তো মুঠেও আচৰিত নহ’ব যে ২০২২ বৰ্ষত মুক্তি পোৱা অভিলেখকাৰী ছবি আৰআৰআৰৰ প্ৰচাৰৰ নামতে ব্যয় কৰা হৈছিল ৮০ কোটি টকা। অৰ্থাৎ- ছবিখনৰ ছবিখনৰ মুঠ বাজেটৰ ৫ ভাগৰ প্ৰায় এভাগ কেৱল ব্যয় কৰা হৈছিল প্ৰচাৰৰ নামত।
অসমীয়া ছবি অনূৰৰ প্ৰচাৰৰ নামত হেনো ব্যয় কৰা হৈছে ৫ লাখ টকা। অসমৰ দৰে এখন ৰাজ্যৰ বাবে এয়াও কম টকা নহয়। কিন্তু প্ৰচাৰৰ কৌশল হয়তো অসমীয়া চিনেমাই এতিয়াও আয়ত্ত কৰিব পৰা নাই। অনূৰৰ প্ৰচাৰ সামাজিক মাধ্যমত কৰা হৈছে। ঠায়ে ঠায়ে দুই-এখন বেনাৰ-পোষ্টাৰে দেখিবলৈ পোৱা গৈছে। কিন্তু দৰ্শকক আকৃষ্ট কৰিবলৈ হয়তো সেয়াই যথেষ্ট নহয়।
হলত ছবি প্ৰদৰ্শন কৰাটো ছবিগৃহৰ মালিকৰ বাবে এক ব্যৱসায়। কেৱল জাতীয়তাবোধৰ আবেগতে দৰ্শকহীনভাৱে এখন ছবি তেওঁলোকে লগাই থব নিবিচৰাটো স্বাভাৱিক। হললৈ দৰ্শকক আকৃষ্ট কৰাৰ দায়িত্ব মালিকৰ নহয়, ছবিখনৰ লগত জড়িত কলা-কুশলীসকলৰহে।
আজিকালি দৰ্শকো নিজৰ পচন্দক লৈ সচেতন হৈছে। বহুল প্ৰচাৰ কৰিলেও যদি ছবিখন ভাল হোৱা নাই, তেন্তে দৰ্শক চাবলৈ নাযায়। শ্বাহৰুখ খানৰে শেহতীয়াকৈ কেইবাখনো ছবি ফ্লপ হৈছে। ৰাজনৈতিক আশ্ৰয় গ্ৰহণ কৰি বাৰে বাৰে চিনেমা হলত মুখথেকেছা খাইছে কংগনা ৰানাৱটেও।
কিন্তু তাৰ পিছতো বলিউডত বেয়া চিনেমা নিৰ্মাণ হৈ আছে। হৈ থাকিব। কাৰণ প্ৰযোজক-পৰিচালক কেতিয়াও লোকচানত নাথাকে। আটাইতকৈ ফ্লপ চিনেমাখনেও ১০-১৫ কোটি আৰামত উপাৰ্জন কৰিবলৈ সক্ষম হয়। নেটফ্লিক্স-হটষ্টাৰ-আমাজন প্ৰাইমৰ দৰে ষ্ট্ৰিমিং এপক তেনে ছবি বিক্ৰী কৰি লাভৱান হ’ব পাৰে প্ৰযোজক।
কিন্তু অসমীয়া ছবিৰ বাবে সেই সুবিধা নাই। অসমীয়া ছবি ফ্লপ মানেই ফ্লপ। লোকচানৰ ঘৰত থাকি কোনেও বাৰে বাৰে চিনেমাত টকা লগাবলৈ সাহস নকৰে। চিনেমা মানে ইউটিউবৰ ভিডিঅ’ নহয় যে যিকোনো কোৱালিটী হলেও ভিউৱাৰ্ছে চাবই। এখন চিনেমাৰ বেকগ্ৰাউণ্ড মিউজকৰ পৰা চিনেমেটগ্ৰাফীলৈ সকলোখিনি পাৰফেক্ট কৰিবলৈ হ’লে বাজেটৰো প্ৰয়োজন। যিটো অসমীয়া ছবিত নাই। পাঠানৰ বেছমৰ ৰং গীতটোৰ বাবেই হেনো খৰছ হৈছিল ৩ কোটিৰো অধিক টকা। ভাৱক- এই টকাৰে ৬-৭খন অসমীয়া চিনেমা আৰামত নিৰ্মাণ হ’ব।
শেষত মই এয়াই কম- অসমীয়া চিনেমাৰ যুগ আছে, থাকিব। ভাল চিনেমা চাবলৈ দৰ্শক চিনেমা হললৈ যাব। কিন্তু তাৰ বাবে ছবিখনৰ বিষয়ে মানুহে জানিব পাৰিব লাগিব। কেৱল চহৰতে নহয়, অসমৰ প্ৰতিটো চুকে কোণে প্ৰচাৰ হ’ব লাগিব।
এটা সময় আছিল- আমি যেতিয়া সৰু আছিলো- নলবাৰীৰ চিনেমা হ’লত অসমীয়া চিনেমা চাবলৈ মানুহ বাছ ভাড়া কৰি আহিছিল। ছবিগৃহৰ ভিতৰত বহিবলৈ ঠাই নাছিল। হিয়া দিয়া নিয়া, নায়ক, মাঘত মামণিৰ বিয়াৰ দৰে অসমীয়া চিনেমা চাবলৈ মানুহে ঘণ্টাৰ পিছত ঘণ্টা ধৰি টিকট কাউণ্টাৰৰ সন্মুখত শাৰী পাতিছিল।
সেই দিন আকৌ উভতি অহাটো হয়তো সম্পূৰ্ণৰূপে সম্ভৱ নহয়। কিন্তু তথাপিও অসমীয়া চিনেমা চাবলৈ দৰ্শক ছবিগৃহলৈ আহিব পাৰে। যদিহে অসমীয়া চিনেমা সেই পৰ্যায়ত নিৰ্মাণ কৰা হয়, যি পৰ্যায়ত দৰ্শকে তাক চাব বিচাৰে।