পূব গুৱাহাটী নহয়, পশ্চিম গুৱাহাটীৰ পৰা কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব মীৰা বৰঠাকুৰে

61

ৰাজনীতিত তেওঁ নতুন নহয়। এক দীঘলীয়া ৰাজনৈতিক ইতিহাসেৰে সমৃদ্ধ অসমৰ এগৰাকী বলিষ্ঠ মহিলা নেত্ৰী তেওঁ। নিৰ্ভীক আৰু স্পষ্টবাদী এইগৰাকী মহিলা নেত্ৰীয়ে বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতিৰ প্ৰতি অতিষ্ঠ হৈ কংগ্ৰেছত যোগদান কৰিছিল। অতি কম সময়ৰ ভিতৰতে কংগ্ৰেছত নিজৰ স্থিতি সবল কৰিবলৈ সক্ষম হোৱা মহিলা নেত্ৰীগৰাকীয়ে সমাগত বিধানসভা নিৰ্বাচনত পূব গুৱাহাটী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা আছিল।

তেওঁ নিজেও পূব গুৱাহাটী সমষ্টিৰ প্ৰতিটো অঞ্চললৈ গৈ প্ৰস্তুতি চলাইছিল নিৰ্বাচনৰ। কংগ্ৰেছৰ মুখপাত্ৰৰ দৰে গুৰু দায়িত্বত থাকি ম্লান পৰি যোৱা কংগ্ৰেছক এক নতুন শক্তি প্ৰদান কৰিছিল তেওঁ।

কিন্তু কংগ্ৰেছৰ তৃতীয়খন প্ৰাৰ্থী তালিকাত পূব গুৱাহাটী সমষ্টিৰ পৰা তেওঁৰ পৰিৱৰ্তে অসীমা বৰদলৈক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে নেতৃত্বই। অসীমা বৰদলৈ হৈছে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ নাতিনী আৰু ৰবীন বৰদলৈৰ জীয়াৰী।

দলে পূব গুৱাহাটী সমষ্টিৰ পৰা অসীমা বৰদলৈক টিকট প্ৰদান কৰিলেও হতাশ হোৱা নাছিল তেওঁ। আন বহু নেতাই টিকট নাপায় দলত্যাগ কৰাৰ দৰে তেওঁ তেনে সিদ্ধান্ত লোৱা নাছিল। বৰং ফেচবুক লাইভ যোগে অসীমা বৰদলৈক বিপুল ভোটত জয়ী কৰাবলৈ আহ্বান জনাইছিল তেওঁ। কংগ্ৰেছৰ হৈ কাম কৰি যোৱাৰো প্ৰতিশ্ৰুতি তেওঁ প্ৰদান কৰিছিল।

কিন্তু অৱশেষত তেওঁ প্ৰাৰ্থিত্ব লাভ কৰিলে। পূব গুৱাহাটী সমষ্টিৰ পৰা নহ’লেও তেওঁ প্ৰাৰ্থিত্ব লাভ কৰিলে পশ্চিম গুৱাহাটী সমষ্টিৰ পৰা। এই সমষ্টিটোত বহু কেইজন আছিল প্ৰাৰ্থিত্বৰ দাবীদাৰ। তাৰে এগৰাকী গায়ক বাবু বৰুৱাও। কিন্তু সকলোকে চেৰ পেলাই অন্তিম ক্ষণত সেই সমষ্টিটোৰ পৰা তেওঁকেই প্ৰাৰ্থিত্ব প্ৰদান কৰিলে দলৰ নেতৃৃত্বই। কাৰণ নেতৃত্বই জানে যে তেওঁৰ কণ্ঠ শক্তিশালী, তেওঁ এগৰাকী সবল নেত্ৰী।

তেওঁ মীৰা বৰঠাকুৰ। কংগ্ৰেছে প্ৰকাশ কৰা চতুৰ্থখন প্ৰাৰ্থী তালিকাত পশ্চিম গুৱাহাটী সমষ্টিৰ পৰা মীৰা বৰঠাকুৰক এইবাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। কিন্তু লক্ষণীয় বিষয়টো হৈছে- তেওঁ পূব গুৱাহাটী সমষ্টিৰ পৰাহে টিকট লাভ কৰিব বুলি নিশ্চিত আছিল। সেই অনুসৰি পূব গুৱাহাটী সমষ্টিত তেওঁ আৰম্ভও কৰিছিল নিৰ্বাচনী কুচকাৱাজ।

২০১৬ৰ বিধানসভা নিৰ্বাচনত পশ্চিম গুৱাহাটী সমষ্টিৰ পৰা জয় লাভ কৰিছিল অগপৰ ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। কংগ্ৰেছৰ ডঃ জুৰি শৰ্মা বৰদলৈক প্ৰায় ৯০ হাজাৰ ভোটৰ ব্যৱধানত পৰাস্ত কৰিছিল ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। বিজেপি মিত্ৰজোঁটৰ হৈ পুনৰ এবাৰ তেঁৱেই এই সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব।

যোৱা বিধানসভা নিৰ্বাচনত এই সমষ্টিটোত ভোটদানৰ হাৰ আছিল ৮১ শতাংশ। অগপৰ ৰমেন্দ্ৰ নাৰায়ণ কলিতাক সমষ্টিটোত পৰাস্ত কৰা মীৰা বৰঠাকুৰৰ বাবে নিশ্চয় সহজ নহব। কিন্তু নিৰ্বাচনৰ ফলাফল কি হয়, সেয়া সময়েহে কব।