ৰঙিয়া নগৰৰ ইক’ পাৰ্কৰ সন্মুখৰ নলাত পুৱাই এটা মৃতদেহ উদ্ধাৰক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। পুৱা স্থানীয় লোকে নলাত পৰি থকা অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰাৰ পিছতে আৰক্ষীক খবৰ দিয়ে।
মৃতদেহটো ৰঙিয়াৰ সৰস্বতী কলনীৰ নিবাসী উদ্ধৱ ভবালৰ বুলি জানিব পৰা গৈছে। পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে পুৱা প্ৰায় ৮ বজাত বজাৰ কৰিবলৈ বুলি ঘৰৰ পৰা ওলাই আহিছিল উদ্ধব ভবাল। কিন্তু তাৰ পিছত কেনেদেৰে মৃত্যু হল তেওঁৰ, তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে। প্ৰত্যক্ষদর্শীৰ মতে মৃতদেহটোত কোনো আঘাতৰ চিন নাই। একাংশই এয়া দুৰ্ঘটনা বুলি সন্দেহ কৰিছে যদিও ঘটনা সন্দৰ্ভত আৰক্ষীয়ে প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে।
