আগন্তুক বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত অসমত উপস্থিত হোৱা নিৰ্বাচন আয়োগৰ দলটোৱে বুধবাৰে পুৱা শক্তিপীঠ মা কামাখ্যা মন্দিৰ দৰ্শন কৰে। পুৱাই দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত সুনীল আৰোৰাসহ নিৰ্বাচনৰ আয়োগৰ দলটো মা কামাখ্যা ধামত উপস্থিত হৈ পূজা অৰ্চনা আগবঢ়ায়।
উল্লেখ্য যে, অসমত উপস্থিত থকা নিৰ্বাচনৰ আয়োগৰ দলটোক সাক্ষাৎ কৰি ব’হাগ বিহুৰ পূৰ্বেই বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে আবেদন জনাইছিল ভালেকেইটা ৰাজনৈতিক দলসমূহে। আনহাতে বিজেপিয়ে তিনিটা পৰ্যায়ত এই নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে আবেদন জনায়। অহা ২০ ফেব্ৰুৱাৰীৰ ভিতৰত নিৰ্বাচন সম্পৰ্কীয় অধিসূচনা জাৰি কৰাৰ সম্ভাৱনা আছে নিৰ্বাচন আয়োগে।
