পুৰণিগুদামত শিশু আলোচনী প্ৰিয়বন্ধু উন্মোচন

83

ঋতু পৰ্ণ শৰ্মা, নগাঁও: আজি ১৪ নবেম্বৰ-শিশু দিৱস । শিশু দিৱসৰ প্ৰাকক্ষণত নগাঁও জিলাৰ পুৰণিগুদামত শনিবাৰে উন্মোচিত হ’ল শিশু আলোচনী “প্ৰিয়বন্ধু” । বৰ্ষীয়ান সাহিত্যিক, সাংবাদিক, সাহিত্যিক পেঞ্চনাৰ ফণীন্দ্ৰ নাথ গায়নৰ চোতালত আয়োজন কৰা হয় এক সভা । সভাত এগৰাকী উন্মোচক হিচাপে উপস্থিত থাকি শিশু সাহিত্যিক নুপুৰ মোমাইদেউ খ্যাত ত্ৰৈলোক্য ভট্টাচাৰ্যই কয় যে শিশুসকল হ’ল দেশৰ ভৱিষ্যৎ । শিশুসকলক সঠিক বাটৰ সন্ধান দিয়াৰ দায়িত্ব অভিভাৱকসকলৰ । কোন বাটে বাট বুলিব সেয়া নিৰ্ধাৰণ সঠিক হ’লেই শিশু এটাই নিজকে সঠিক পথত পোনাই লৈ যাবলৈ সহজ হয় ।

“প্ৰিয়বন্ধু”ৰ দৰে আলোচনীয়ে তেনে বাটৰ সন্ধানেই দিয়ে । আন এগৰাকী উন্মোচকৰূপে উপস্থিত থকা বিশিষ্টসাহিত্যিক-সাংবাদিক ফণীন্দ্ৰ নাথ গায়নে কয় যে শিশুসকলৰ উপযোগীকৈ প্ৰস্তুত কৰা এনে আলোচনীয়ে শিশুৰ মানসিক আৰু বৌদ্ধিক বিকাশত সহায় কৰে । শিশুবন্ধু দুলাল বৰাই আঁত ধৰা আজিৰ গ্ৰন্থ উন্মোচনী সভাত কবি কুমাৰ বিভূতি, ইন্দ্ৰনীল গায়ন, প্ৰবীন্দ্ৰ নাথ গায়ন, খগেন্দ্ৰ নাথ গায়ন উপস্থিত থাকে ।

সভাৰ আৰম্ভণিতে নৱৰূপ জাতীয় বিদ্যাপীঠৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰী তন্ময়ী বৰাই এটি গীত পৰিবেশন কৰাৰ লগতে আন এগৰাকী ছাত্ৰী সুদৰ্শনা বৰাই হীৰেন ভট্টাচাৰ্যৰ “মোৰ দেশ” কবিতাটি আবৃত্তি কৰে ।