পুলিবৰত অচিনাক্ত বাহনৰ খুন্দাত নিহত এজন

141

যোৰহাটৰ পুলিবৰত ভয়ংকৰ দুৰ্ঘটনা।

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অচিনাক্ত বাহনে মহতিয়াই নিয়ে এজন লোকক।

ঘাইপথৰ কাষে কাষে খোজ কাঢ়ি গৈ থকা সময়তে বাহনখনে মহতিয়াই নিয়ে লোক জনক।

দুৰ্ঘটনাত থিতাতে মৃত্যু ঘটে ৬০ৰ উৰ্ধ্বৰ লোকজনৰ।

নিহত লোকজনক ঘটনাস্থলীৰ সমীপৰে ১ নং লখিমী নগৰৰ গজেন ভট্ট বুলি চিনাক্ত কৰা হৈছে।

ইফালে দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ সন্ধানত অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে।

দুৰ্ঘটনাক কেন্দ্ৰ কৰি শোকৰ ছাঁ পৰিছে সমগ্ৰ অঞ্চলটোত।