পুব গুৱাহাটী মন্ডল বিজেপিৰ সাংগঠনিক সভাঃ

68

প্ৰতিটো বুথত হব আই টি চেলঃ সিদ্ধাৰ্থ ভট্টাচাৰ্যঃ

ষ্টাফৰিপৰ্টাৰ, ৪ জুন : সমগ্ৰ বিশ্বত কৰ’না ভাইৰাছে আতংকময় পৰিবেশ সৃষ্টি কৰাৰ মাজতো ভাৰতীয় জনতা পাৰ্টিয়ে নিজৰ সাংগঠনিক ভেটি সুদীৰ্হ কৰাৰ লক্ষৰে বৃহস্পতি বাৰে পুৱা গুৱাহাটী মণ্ডল বিজেপিয়ে এক সাংগঠনিক সভা অনুষ্ঠিত কৰে ৷ সামাজিক দুৰত্ব বজাই ৰাখি পুৱ গুৱাহাটী সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ উলুবাৰীস্থিত বাসগৃহত সাংগঠনিক সভা অনুষ্ঠিত হয় ৷ চেণ্ট্ৰেল মণ্ডল কমিটিৰ সভাপতি অসীম হাজৰিকাৰ পৌৰহিত্যত কৰা সভাখনত পুৱ গুৱাহাটী সমষ্টিৰ বিধায়ক তথা মন্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই উপস্থিত থাকি কয় ” ২০২১ বৰ্ষৰ বিধান সভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যিক নেতৃত্বতই সাংগঠনিক ভেটি সুদীৰ্হ কৰাৰ বাবে মণ্ডল সমুহক নিৰ্দেশ দিয়ে ৷ সেইবাবেই কৰ’না ভাইৰাছৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিটো বুথ প্ৰৰ্যায়ত আই টি চেল প্ৰস্তুত কৰাৰ বাবে এই সভা অনুষ্ঠিত কৰা হ’ব ৷ এতিয়াৰ পৰা গ্ৰুপ ’ আই টি চেলৰ জৰিয়তে সাংগঠনিক কাম কাজ চলিব বুলি মন্ৰী গৰাকীয়ে উল্লেখ কৰে ৷ উল্লেখ্য এই সভাত মণ্ডল বিজেপিৰ বিষয়ববীয়া’ মৰ্চাৰ বিষয়ববীয়া উপস্থিত থাকে ।