পুনৰ AIUDFৰ অধ্যক্ষৰূপে নিৰ্বাচিত বদৰুদ্দিন আজমল…

262

প্ৰত্যাশিতভাৱে বিনা প্ৰতিদ্বন্দ্বিতাৰে পুনৰ এআইইউডিএফৰ অধ্যক্ষৰূপে নিৰ্বাচিত হ’ল বদৰুদ্দিন আজমল।

শুকুৰবাৰে গুৱাহাটীত বিভিন্ন জিলা আৰু ভগ্নী সংগঠনৰ দলৰ নেতাৰ উপস্থিতিত দলৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত আজমলক সৰ্বসন্মতিক্ৰমে পুনৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হয়।

এআইইউডিএফৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱাৰ পিছত এএনআইৰ সৈতে কথা পাতি আজমলে কয়, “এআইইউডিএফ ভাৰতীয় জনতা পাৰ্টি (বিজেপি)ৰ বিৰুদ্ধে যুঁজিবলৈ সৰ্বভাৰতীয় পৰ্যায়ৰ বিৰোধী মিত্ৰজোঁটত যোগদান কৰিবলৈ সাজু। আমি বিচাৰো যে ই অসমত সফল হওক। মমতা বেনাৰ্জী আৰু কংগ্ৰেছে ইয়াত যোগদান কৰিব বুলি আমি আশা কৰিছো। এইটো কেন্দ্ৰত বিজেপিক বিদায় দিবলৈ গঠন কৰা হৈছে।”

লগতে হিজাব বিষয় আৰু ইউনিফৰ্ম চিভিল কোড (ইউচিচি) সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিজেপি চৰকাৰক আক্ৰমণ কৰে আজমলে।

তেওঁ কয়, “ভাৰতত ইউচিচি কেতিয়াও কাৰ্যকৰী কৰিব নোৱাৰি। প্ৰত্যেকৰে নিজস্ব সংস্কৃতি আছে আৰু কাকো কোনো বিশেষ সংস্কৃতি অনুসৰণ কৰিবলৈ বাধ্য কৰিব নোৱাৰি।”