পুনৰ ৰক্তাক্ত কাশ্মীৰ! সন্ত্ৰাসবাদীৰ আক্ৰমণৰ লক্ষ্য দুই কাশ্মীৰী পণ্ডিত ভাতৃ, এজনৰ মৃত্যু

238

সমগ্ৰ দেশে ৭৬ সংখ্যক স্বাধীনতা দিৱস পালন কৰাৰ ঠিক এদিন পিছতে জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত পুনৰ মৃত্যু ঘটিল এগৰাকী কাশ্মীৰী পণ্ডিতৰ।

মঙলবাৰে জম্মু-কাশ্মীৰৰ ছোপিয়ান জিলাৰ চোটিপাৰা অঞ্চলৰ এখন আপেল বাগিচাত কৰ্মৰত দুই ভাতৃৰ ওপৰত সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলায়। সন্ত্ৰাসবাদীৰ গুলীবৰ্ষণত গুৰুতৰভাৱে আহত হোৱা দুই ভাতৃক লগে লগে হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও এজনৰ চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটে।

জানিব পৰা মতে, চুটিগাম গাঁৱৰ নিৱাসী সুনীল কুমাৰ আৰু পিণ্টু কুমাৰ নামৰ ভাতৃদ্বয়ে আপেল বাগিচাত কাম কৰি থকাৰ সময়তে আকস্মিকভাৱে অস্ত্ৰধাৰী সন্ত্ৰাসবাদীয়ে গুলবীৰ্ষণ কৰে। সন্ত্ৰাসবাদীৰ আক্ৰমণত পৰৱৰ্তী সময়ত হাস্পতালত মৃত্যু ঘটে সুনীল কুমাৰৰ।

উল্লেখ্য যে, মাত্ৰ দুসপ্তাহ পূৰ্বে পুলৱামা জিলাৰ গডুৰা অঞ্চলত বহিঃৰাজ্যৰ পৰা আহি কাম কৰি থকা কেইগৰাকী শ্ৰমিকৰ ওপৰত গ্ৰেণেড আক্ৰমণ কৰিছিল সন্ত্ৰাসবাদীয়ে। যাৰ দুজন শ্ৰমিকৰ মৃত্যু ঘটাৰ বিপৰীতে আন ৩ জন আহত হৈছিল।