পুনৰ ১৪ দিনৰ বাবে সম্পূৰ্ণ লকডাউন এখন ৰাজ্যত…

56

ডিজিটেল ডেস্কঃ ক্ৰমাগতভাৱে বৃদ্ধি পোৱা কোভিড-১৯ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি পুনৰ ১৪ দিনৰ বাবে লকডাউন ঘোষণা কৰিছে মণিপুৰ চৰকাৰে। বৃহস্পতিবাৰৰ দুপৰীয়া ২ বজাৰ পৰা এই লকডাউন ঘোষণা কৰা হৈছে ৰাজ্যখনত। মণিপুৰ চৰকাৰে জাৰি কৰা নিৰ্দেশনা অনুসৰি এই সম্পূৰ্ণ লকডাউনৰ সময়ছোৱাত দোকান-পোহাৰ, যান বাহনৰ চলাচলকে ধৰি চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠানসমূহ বন্ধ থকাৰ বিপৰীতে এই সময়ছোৱাত হাস্পতাল আৰু অন্য জৰুৰী সেৱাসমূহ খোলা থাকিব।

উল্লেখ্য যে, মণিপুৰত কোৰোনা আক্ৰান্ত হৈ বৰ্তমানলৈকে ১৩০ জনকৈ লোকৰ মৃত্যু ঘটিছে। মণিপুৰত ২ হাজাৰতকৈও অধিক লোক কোৰোনাত আক্ৰান্ত হৈছে। অৱশ্যে ইয়াৰে ১৪০০ লোক বৰ্তমান সুস্থ হৈ উঠিছে বুলিও জানিবলৈ দিছে ৰাজ্যখনৰ স্বাস্থ্য বিভাগে। ৰাজ্যখনত বৃদ্ধি পোৱা কোৰোনা সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী বীৰেণ সিঙে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়লৈ পত্ৰ লিখি সম্পূৰ্ণ লকডাউনৰ অনুমতি বিচাৰিছিল।