পুনৰ সৰুক্ষেত্ৰীত বানসাহায্য আত্মসাৎৰ ঘটনা

184

পুনৰ সৰুক্ষেত্ৰীত বানসাহায্য আত্মসাৎৰ ঘটনা।-অভিযোগৰ আঙুলি গাওঁবুঢ়া আৰু ৱাৰ্ডমেম্বাৰলৈ।
প্ৰতিদিনে উন্মোচিত হ’ব ধৰিছে বন্যাৰ্তৰ বাবে অহা সাহায্য সামগ্ৰীৰ কেলেংকাৰী ।
সৰুক্ষেত্ৰী সমষ্টিও এইক্ষেত্ৰত পিছপৰি ৰোৱা নাই ।
সৰুক্ষেত্ৰী সমষ্টিতো বানসাহায্যক লৈ সংঘটিত হৈছে কেবাটাও অনিয়ম।
কিছুদিন পূৰ্বে বন্যাৰ্তৰ সামগ্ৰী চুৰিকৰাৰ অভিযোগত সৰ্থেবাৰী ৰাজহ চক্ৰৰ দুই মণ্ডলক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।
এই বন্যাৰ্তৰ বাবে অহা সামগ্ৰীবিতৰণৰ অনিয়মক লৈ সৰ্থেবাৰী ৰাজহ চক্ৰৰ অনৰ্গত বগচৰা গাওঁত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে।
স্থানীয়লোকে অভিযোগ কৰামতে বগচৰা গাওঁৰ বাবে অহা সাহায্যসামগ্ৰী সমূহৰ নামমাত্ৰ বিতৰণ কৰি সিংহভাগ সামগ্ৰী হৰলুকি হৈছে।
বগচৰা গাওঁবাসীৰ অভিযোগ বগচৰা গাওঁৰ গাওঁপ্ৰধান আৰু ১৩নং পশ্চিম সৰুক্ষেত্ৰী গাওঁপঞ্চায়তৰ ২নং ৱাৰ্ডৰ সদস্যজনে লগ হৈ সিংহভাগ সামগ্ৰী আত্মসাৎ কৰিছে।
এই অনিয়মৰ উচিত তদন্ত কৰি দোষীক উপযুক্ত শাস্তি দিবলৈ বগচৰা গাওঁবাসীৰ লগতে মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ অধ্যক্ষ আদিত্য লহকৰ ,কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সৰুক্ষেত্ৰী সমষ্টিৰ নেতা মিতুল ডেকাই দাবী জনাইছে।