পুনৰ সক্ৰিয় ড্ৰাগছ ব্যৱসায়

61

পুনৰ সক্ৰিয় হৈ পৰিছে লখিমপুৰত বঙালমৰাত ড্ৰাগছ ব্যৱসায়। লালুক আৰক্ষীৰ চক্ৰ বিষয়া দীপাংকৰ জ্যোতি বৰাৰ নেতৃত্বত আৰক্ষীৰ থানাৰ উপ পৰিদৰ্শক চত্ৰ সিং পাতৰ সহ লালুক আৰক্ষীয়ে দুই ড্ৰাগছ পেডলাৰক আটক কৰে ।ড্ৰাগছ সহ যুৱনগৰ বেচাপট্ৰী গাঁওৰ পৰা আটক কৰে দুয়োগৰাকী ড্ৰাগচ পেডেলাৰক। আটক ড্ৰাগছ পেডলাৰ দুইজন হ’ল আজিজুৰ ৰহমান আৰু ৰিয়াজুল ইছলাম।আটক কৰা ড্ৰাগছ পেডলাৰ
দুই জনৰ পৰা 13গ্ৰাম ওজনৰ ড্ৰাগছৰ পেকেট উদ্ধাৰ কৰে লালুক আৰক্ষীয়ে।দুয়োৰে ঘৰ বঙালমৰা আৰক্ষী চকীৰ অন্তৰ্গত ২ নং আহমেদ পুৰত ।এই দুই ড্ৰাগছ পেডলাৰ বহুত দিনৰ পৰাই সমাজত ড্ৰাগছৰ বৰবিষ সৰবৰাহ কৰি বিক্ৰী কৰি আহিছে ।ড্ৰাগছৰ দৰে বৰবিষ ছানি ধৰিছে ২নং আহমেদ পুৰ ১ নং আহমেদ পুৰ দৌলত পুৰ আৰু সংখ্যালঘূ গাঁও সমূহত ।সহজ বাবে ধন উপাৰ্জন কৰি জীৱন যাপন কৰাৰ ই এক ৰমৰমীয়া বেহা ।নিজৰ জীৱনক তুচ্ছ কৰি এই বেহাত নামি পৰিছে একাংশ অসাধু ড্ৰাগছ বেপাৰী ।