পুনৰ লকডাউন ঘোষণা…

65

ভাৰতত পুনৰ টোকৰ দিছে কোৰোনাৰ দ্বিতীয় সংক্ৰমণে। পুনৰ এবাৰ লাখ লাখ লোক কোৰোনাত আক্ৰান্ত হৈছে। সৰ্বাধিক আক্ৰান্ত হৈছে মহাৰাষ্ট্ৰত। যোৱা ২৪ ঘণ্টাত ৰাজ্যখনত ২৬ হাজাৰৰো অধিক লোক কোৰোনাত নতুনকৈ আক্ৰান্ত হৈছে। এনে পৰিস্থিতিলৈ লক্ষ্য ৰাখি মহাৰাষ্ট্ৰ চৰকাৰে পুনৰ এবাৰ লকডাউন ঘোষণা কৰাৰ বিষয়ে চিন্তা চৰ্চা চলাইছে।

কোৰোনা প্ৰতিৰোধৰ বাবে মহাৰাষ্ট্ৰ প্ৰশাসন কঠোৰ হোৱাৰ সময়তে মুম্বাইত সংঘটিত হল এক আজৱ কাণ্ড। মোবাইল কেমেৰাত বন্দী হল নগৰ নিগমৰ কৰ্মচাৰীক সোধোৱা এগৰাকী মহিলাৰ চৰ, ভুকুৰ দৃশ্য। এই ঘটনা মুম্বাইৰ কান্দিৱালী ৰোডৰ।

ভাইৰেল ভিডিঅ’ত দেখা পোৱা গৈছে যে এগৰাকী মহিলা অট’ৰে গৈ আছে। সেই সময়তে নগৰ নিগমৰ এগৰাকী কৰ্মচাৰীয়ে মহিলাগৰাকীক মাস্ক পৰিধান নকৰাৰ বাবে বাধা প্ৰদান কৰে। তাৰ পিছতে মহিলাগৰাকীয়ে নগৰ নিগমৰ কৰ্মচাৰীগৰাকীক এটা প্ৰচণ্ড চৰ মাৰে।

মহিলাগৰাকীয়ে বাৰে বাৰে মোক ৰখোৱাৰ সাহস কেনেকৈ কৰিলি, মই কোন চিনি পাইছনে নাই আদি মন্তব্য কৰি নগৰ নিগমৰ কৰ্মচাৰীগৰাকীক ভাবুকি প্ৰদান কৰা দেখা গৈছে। আনহাতে নগৰ নিগমৰ কৰ্মচাৰীক মহিলাগৰাকীয়ে আক্ৰমণ কৰাৰ পিছতে এজন এজনকৈ সেই ঠাইত বহু কেইজন লোক গোট খায়।

এই ঘটনাৰ ভিডিঅ’ এতিয়া ভাইৰেল হৈ পৰিছে চ’চিয়েল মিডিয়াত। উল্লেখ্য যে, কোৰোনাৰ সংক্ৰমণৰ লক্ষ্য ৰাখি মহাৰাষ্ট্ৰত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে। কোনোৱে মাস্ক পৰিধান নকৰিলে ২০০ টকা পৰ্যন্ত জৰিমণা ভৰিব লগা হব পাৰে।