পুনৰ লকডাউন ঘোষণা…

71

ডিজিটেল ডেস্কঃ আনলক প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পিছতে দ্ৰুতগতিত বৃদ্ধি পোৱা কোভিড সংক্ৰমণৰ ফলত এতিয়া ভাৰত কোভিড আক্ৰান্ত দেশৰ শীৰ্ষত উপনীত হৈছে। ইফালে ছত্তীশগড়ৰ বিভিন্ন অঞ্চলতো ক্ৰমাগতভাৱে বৃদ্ধি পোৱা কোভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনত পুনৰ এবাৰ লকডাউনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। ছত্তীশগড়ৰ ৰাজধানী ৰায়পুৰকে ধৰি অন্য ১০ খনত জিলাত সোমবাৰৰ নিশা ৯ বজাৰ পৰা ২৮ ছেপ্তেম্বৰৰ নিশা ১২ বজালৈ এসপ্তাহৰ সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছে।

উল্লেখ্য যে, ৰাজধানী ৰায়পুৰত দেওবাৰ পৰ্যন্ত ২৬ হাজাৰ লোক কোৰোনাত আক্ৰান্ত হোৱাৰ উপৰিও প্ৰতিদিনে ৮০০-১০০০ পৰ্যন্ত নতুন কেছ পোহৰলৈ আহিছে। তেনে পৰিস্থিতিত ৰাজধানী চহৰখনক কণ্টেইনমেণ্ট জ’নৰূপে ঘোষণা কৰা হৈছে। ইফালে ৰাজ্যখনৰ অন্য ১০ খন জিলাতো দিনক দিনে বৃদ্ধি পোৱা কোভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰা হৈছে। ৰাজ্যখনৰ সীমান্ত ইতিমধ্যে ছীল কৰা হৈছে যাতে কোভিড সংক্ৰমণ প্ৰতিৰোধ কৰিব পৰা যায়। আনহাতে ৰাজ্য চৰকাৰে ঘোষণা কৰা এসপ্তাহজোৰা লকডাউনৰ সময়ছোৱাত ফাৰ্মাচী আৰু গেলামাল দোকানসমূহ নিৰ্দিষ্ট সময়ৰ বাবে খোলাৰ অনুমতি প্ৰদান কৰা হ’ব।