পুনৰ বৃদ্ধি হ’ল ৰন্ধন গেছৰ মূল্য । ১৪ ফেব্ৰুৱাৰীৰ পৰা প্ৰতিটো চিলিণ্ডাৰত বৃদ্ধি পালে ৫০ টকাকৈ । মাহটোৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে বৃদ্ধি কৰা হ’ল ৰন্ধন গেছৰ মূল্য । তেল বিপণন কোম্পানীসমূহে প্ৰতিটো চিলিণ্ডাৰত ৫০ টকাকৈ বৃদ্ধি কৰাত বৰ্তমান প্ৰতিটো চিলিণ্ডাৰৰ দাম ৮১৮ টকালৈ বৃদ্ধি পালে । উল্লেখ্য, ৪ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় তেল কোম্পানীসমূহে বৃদ্ধি কৰিছিল ৰন্ধন গেছৰ মূল্য় । গ্ৰাহকৰ মূৰত একপ্ৰকাৰৰ মাধমাৰ শোধাইছে ৰন্ধন গেছৰ অৱধাৰিত মূল্যবৃদ্ধিয়ে ।
