পুনৰ ভয়াবহ কোভিড পৰিস্থিতি! ৰাজ্যত বিগত ২৪ ঘণ্টাত ৫৯০ জন আক্ৰান্ত, এজনৰ মৃত্যু

326

ৰাজ্যত পুনৰ এবাৰ ভয়াবহ হৈ পৰিছে কোভিড পৰিস্থিতি। পুনৰ দ্ৰুত হাৰত বৃদ্ধি পাইছে কোভিড-১৯ৰ সংক্ৰমণ।

ৰাজ্যৰ চৰকাৰী তথ্যানুসৰি বুধবাৰৰ দিনটোত ৰাজ্যত পুনৰ ৫৯০ জন লোক কোৰোনাত আক্ৰান্ত হয়। এই সময়ছোৱাত ৫,৪৮৯ জনৰ কোভিড পৰীক্ষা কৰা হৈছিল।

বিগত ২৪ ঘণ্টাত আক্ৰান্ত সকলৰ ৬০ জন হৈছে কামৰূপ মহানগৰ জিলাৰ আৰু ৫৯ জন হৈছে কামৰূপ জিলাৰ।

দিনটোত আক্ৰান্তৰ হাৰ হৈছে ১০.৭৫ শতাংশ। ৰাজ্যখনত সম্প্ৰতি সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ২,৫৮৪ জন।

বিগত এটা দিনত কোভিড আক্ৰান্ত সকলৰ ভিতৰত আছে ধুবুৰীৰ ৫৫ জন আৰু গোৱালপাৰাৰ ৫০জন লোক।

উদ্বেগজনক কথাটো হ’ল যে বিগত ২৪ ঘণ্টাত কামৰূপ জিলাৰ ক’ৰোনাত আক্ৰান্ত এজন লোকৰ মৃত্যু হয়।

আনহাতে ১৯০ জন আক্ৰান্ত লোকে বুধবাৰৰ দিনটোত আৰোগ্য লাভ কৰে।