পুনৰ ভাৰতীয় দলত স্থান লাভ ৰিয়ান পৰাগৰ

68

ভাৰতীয় জাতীয় দলত পুনৰ স্থান লাভ কৰিছে অসম সন্তান ৰিয়ান পৰাগে ৷ কিছুদিন পূৰ্বে জিম্বাব’ৱেৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় T-20 শৃংখলাত অভিষেক ঘটোৱা ৰিয়ান পৰাগে এইবাৰ ভাৰতীয় এদিনীয়া দলটো স্থান লাভ কৰিছে ৷ শ্ৰীলংকাৰ বিৰুদ্ধে 27 জুলাইৰ পৰা অনুষ্ঠিত হ’বলগা এদিনীয়া আৰু T-20 শৃংখলাৰ বাবে ভাৰতীয় দলটোত স্থান লাভ কৰিছে ৰিয়ান পৰাগে ৷ জিম্বাব’ৱেৰ বিৰুদ্ধে পাঁচখনীয়া T-20 শৃংখলাত বিশেষ উন্নত প্ৰদৰ্শন নকৰিলেও শ্ৰীলংকাৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া শৃংখলাত পুনৰ সুযোগ দিয়া হৈছে উদীয়মান ক্ৰিকেটাৰজনক ৷