পুনৰ ভয়াবহ ৰূপ কোভিড-১৯ৰ! ২৪ ঘণ্টাত আক্ৰান্ত ৫,৮৮০ জন…

151

সমগ্ৰ দেশত পুনৰ এবাৰ ভয়াবহ ভাৱে বৃদ্ধি পাইছে কোভিডৰ সংক্ৰমণ।

সোমবাৰে ভাৰতত যোৱা ২৪ ঘন্টাত ৫,৮৮০ জনলোকৰ দেহত ক’ভিড-১৯ ধৰা পৰে।

স্বাস্থ্য মন্ত্ৰালয়ৰ এক অধিসূচনাত নতুন ৰোগীৰ সংখ্যাই দেশত সক্ৰিয় ৰোগীৰ সংখ্যা ৩৫,১৯৯ লৈ বৃদ্ধি পোৱা বুলি জানিব পৰা গৈছে। সেই সময়ছোৱাত কৰা ৮৫,০৭৬টা পৰীক্ষাৰ ভিতৰত নতুনকৈ কোভিড-১৯ ধৰা পৰে। ভাৰতত কৰা ক্ৰমবৰ্ধমান কোভিড পৰীক্ষা ৯২.২৮ কোটিলৈ বৃদ্ধি পাইছে।

তদুপৰি সক্ৰিয় ৰোগীৰ সংখ্যা ০.০৮ শতাংশ। দৈনিক পজিটিভিটিৰ হাৰ ৬.৯১ শতাংশলৈ বৃদ্ধি হোৱাৰ বিপৰীতে সাপ্তাহিক পজিটিভিটিৰ হাৰ ৩.৬৭ শতাংশলৈ বৃদ্ধি পাইছে।

ইফালে, দেশত বিগত ২৪ ঘণ্টাত ৩,৪৮১ জন আৰোগ্যৰ তথ্য পোৱা গৈছে, যাৰ ফলত মহামাৰী আৰম্ভ হোৱাৰ পৰা দেশত আৰোগ্য হোৱা লোকৰ সংখ্যা ৪,৪১,৯৬,৩১৮লৈ বৃদ্ধি পাইছে। বৰ্তমান আৰোগ্যৰ হাৰ ৯৮.৭৩ শতাংশ।

আনহাতে, যোৱা ২৪ ঘন্টাত কোভিড-১৯ সম্পৰ্কীয় কাৰণত দেশত কমেও ১২ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ইয়াৰ ফলত ভাৰতত মহামাৰী আৰম্ভ হোৱাৰ পৰা ক’ভিড-১৯ৰ ফলত মৃত্যু হোৱা লোকৰ মুঠ সংখ্যা ৫,৩০,৯৭৯লৈ বৃদ্ধি পায়।

যোৱা ২৪ ঘন্টাত সমগ্ৰ ভাৰতত আৰু ২০৫টা কোভিড ভেকচিন জব প্ৰদান কৰা হয়। ইয়াৰ ফলত দেশজোৰা টিকাকৰণ অভিযানৰ অধীনত প্ৰদান কৰা ভেকচিন শ্বটৰ সঞ্চিত সংখ্যা ২২০.৬৬ কোটিলৈ বৃদ্ধি পায়। ইয়াৰে ৯৫.২১ কোটি ভেকচিন দ্বিতীয় ড’জ হোৱাৰ বিপৰীতে আন ২২.৮৭ কোটি জব আছিল সতৰ্কতামূলক ড’জৰ।