পুনৰ ভয়ংকৰ বিপদৰ আগজাননী।কৰ’নাৰ ভয়াৱহতা মাৰ নৌ যাওতেই পুনৰবাৰ ক’ভিড-১৯ৰ নতুন ভেৰিয়েণ্টে মানুহৰ মাজত উদ্বেগ যথেষ্ট বৃদ্ধি কৰিছে ৷কিয়নো পূৰ্বৰ ভেৰিয়েন্টতকৈ এই ভেৰিয়েন্ট অধিক সংক্ৰামক হ’ব পাৰে বুলি অনুমান কৰা হৈছে ৷ উল্লেখযোগ্য যে শেহতীয়াকৈ কেৰেলাত ক’ভিডৰ নতুন ভেৰিয়েন্ট JN.1 ষ্ট্ৰেইনৰ কৰ’না ভাইৰাছ পোৱা গৈছে ৷
ভাৰতৰ কেৰেলাত কভিড-১৯ৰ নতুন ভেৰিয়েন্ট JN.1ৰ ৰোগী বৃদ্ধি পাইছে ৷ ভাৰতৰ লগতে চীন আৰু আমেৰিকাতো এই ভেৰিয়েন্টৰ সংক্ৰমণ বৃদ্ধি পোৱা দেখা গৈছে ৷ জানিব পৰা মতে কেৰালাত বৰ্তমান Covid-19ৰ সক্ৰিয় ৰোগীৰ সংখ্যা ১,৩২৪ জন ৷ এই ভেৰিয়েন্ট ৭৮ বছৰীয়া এগৰাকী মহিলাৰ আৰ টি-পি চি আৰ পজিটিভ নমুনাত পোৱা গৈছে ৷