পুনৰ ব্যতিক্ৰমী ৰূপত বিধানসভা চৌহদত প্ৰতিবাদ বিধায়ক অখিল গগৈৰ

53

পুনৰ ব্যতিক্ৰমী ৰূপত বিধানসভা চৌহদত প্ৰতিবাদ বিধায়ক অখিল গগৈৰ । স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ জনাবলৈ হাতত স্মাৰ্ট মিটাৰ আৰু হাত লেম্প লৈ বিধানসভা চৌহদত অখিল গগৈ । মুখ্যমন্ত্ৰীক স্মাৰ্ট মিটাৰ সন্দৰ্ভত বিধানসভাত এদিনৰ বিতৰ্কত অংশগ্ৰহণ কৰিবলৈ আহ্বান । স্মাৰ্ট মিটাৰৰ লুণ্ঠন বন্ধ নহ’লে গণ বিক্ষোভৰ হুংকাৰ অখিল গগৈৰ । সংবাদ মাধ্যমৰ আগত স্মাৰ্ট মিটাৰক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিধায়ক অখিল গগৈয়ে কয়, “এইটো ইণ্টেলিয়া কোম্পানীৰ স্মাৰ্ট মিটাৰ । এনেকৈ স্মাৰ্ট মিটাৰ লগাই থাকিলে আমি লেম্পৰ যুগলৈ ঘূৰি যাব লাগিব । স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ হৈছে । কিন্তু মুখ্যমন্ত্ৰীয়ে নজনা ভাও জুৰি লুণ্ঠন কৰিবলৈ এৰি দিছে । মুখ্যমন্ত্রীয়ে যোৱা বছৰ আৰু এইবছৰৰ বিলৰ তুলনা কৰিবলৈ কৈছে । মই নিজৰ বিল তুলনা কৰি চাইছোঁ । স্মাৰ্ট মিটাৰ লগোৱাৰ পাচত বিল বহু বৃদ্ধি পাইছে । স্মাৰ্ট মিটাৰৰ জৰিয়তে লুণ্ঠন বন্ধ কৰক ।”