পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

105

সাধাৰণ জনতাৰ মূৰত মাধমাৰ শোধাই আজি পুনৰ বৃদ্ধি পালে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য। অসমত আজিৰে পৰা প্ৰতি লিটাৰ পেট্ৰ’লত বৃদ্ধি পাইছে ১.০১ টকাকৈ। যাৰ ফলত মহানগৰীত আজিৰে পৰা প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম হৈ পৰিছে ৯৭.৮ টকা।

আনহাতে পেট্ৰ’লৰ সমান্তৰালভাৱে দাম বাঢ়িল ডিজেলৰো। প্ৰতিলিটাৰ ডিজেলৰ ৯৮ পইচাকৈ বৃদ্ধি পোৱাৰ পিছত মহানগৰীত ডিজেলৰ নতুন দাম হৈ পৰিছে ৮৫ টকা প্ৰতি লিটাৰত।

উল্লেখ্য যে, পেট্ৰ’ল আৰু ডিজেলৰ লগতে আজিৰে পৰা দাম বৃদ্ধি পাইছে গাখীৰৰো। ১ আগষ্টৰ পৰা প্ৰতিলিটাৰ গৰুৰ গাখীৰত ৪ টকাকৈ বৃদ্ধি পাইছে। যাৰ ফলত পূৰ্বৰ ৫৬ টকাৰ বিপৰীতে এতিয়াৰে পৰা গ্ৰাহকে ৬০ টকাত ক্ৰয় কৰিব লাগিব প্ৰতিলিটাৰ গৰুৰ গাখীৰ।