পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

61
(FILES) In a file picture taken on February 28, 2012 a motorist fill up at the gas pump in a gas station of the French northern city of Lille. The G7 industrial countries called on August 28, 2012 on oil producers to increase output, saying higher prices posed "substantial risks" to the global economy. Under acute political pressure in France to reduce petrol prices at the pump, France's Finance Minister Pierre Moscovici earlier announced the government would spend 300 million euros ($375 million) to temporarily cut pump prices for motorists. AFP PHOTO / PHILIPPE HUGUENPHILIPPE HUGUEN/AFP/GettyImages ORG XMIT: -

বিগত ১০ দিনত নৱম বাৰলৈ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য। বৃহস্পতিবাৰে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত বৃদ্ধি পাইছে ৮০পইচাকৈ। বিগত ১০ দিনত ইন্ধনৰ মূল্য প্ৰতি লিটাৰত ৬.৪০ টকা বৃদ্ধি পাইছে।

দিল্লীত পেট্ৰ’লৰ মূল্য এতিয়া প্ৰতি লিটাৰত ১০১.৮১ টকা, যিটো আগতে প্ৰতি লিটাৰত ১০১.০১ টকা আছিল।

আনহাতে ডিজেল ৯২.২৭ টকাৰ পৰা আজি প্ৰতি লিটাৰত ৯৩.০৭ লৈ বৃদ্ধি পাইছে।

ইফালে মুম্বাইত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ক্ৰমে ১১৬.৭২ আৰু ১০০.৯৪ টকালৈ বৃদ্ধি পাইছে।

এই বৃদ্ধিৰ লগে লগে বৃহস্পতিবাৰে লখিমপুৰত প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ১০৩.২৪ টকা। কামৰূপ মেট্ৰ’ত পেট্ৰ’লৰ মূল্য ১০০.৭৮ টকা, মাজুলীত ১০৩.২৮ টকা, ওদালগুৰিত ১০১.২২ টকা, গোলাঘাটত ১০০.৯৫ টকা, ধুবুৰীত ১০১.২৩ টকা , বাক্সাত ১০১.৩৮ টকা।

ইফালে প্ৰতিলিটাৰ ডিজেলৰ দাম কামৰূপ মেট্ৰ’ত ৮৫.৭৫ টকা, লখিমপুৰত ৮৯.০৪ টকা, ওদালগুৰিত ৮৭.১৮ টকা আৰু বাক্সাত ৮৭.৩০ টকা