পুনৰ বৃদ্ধি কৰা হ’ব লকডাউন

83

ষ্টাফ ৰিপোৰ্টাৰ, ১২ মে’: নতুন ৰূপত হ’ব লকডাউন ৪.০। আজি দেশবাসীক সম্বোধন কৰি এই ইংগিত দিলে প্ৰধানমন্ত্ৰী মোদীয়ে। ১৮ মে’ৰ পূৰ্বে এই সম্পৰ্কে বিস্তৃতভাৱে অৱগত কৰা হ’ব বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। উল্লেখযোগ্য মঙলবাৰে নিশা ৮ বজাত দেশবাসীক সম্বোধন কৰি বহু গুৰুত্বপূৰ্ণ বিষয় উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।
দেশবাসীক সম্বোধন কৰি মোদীয়ে কয় – “বহু পৰিয়ালে আত্মীয়ক হেৰুৱাইছে। মই সকলোৰে প্ৰতি সমবেদনা জ্ঞাপন কৰিছোঁ। বিগত চাৰিমাহে কৰ’ণাৰ বিৰুদ্ধে যুঁজ চলি আছে। এটা মাত্ৰ ভাইৰাছে বিশ্বক তচনচ কৰিছে। একবিংশ শতিকা ভাৰতৰ হওঁক, এয়া আমাৰ দায়িত্ব। আমি যুঁজিব লাগিব, জিকিবও লাগিব। এনে সংকট পূৰ্বে দেখা নাই, শুনাও নাই। জীৱন ৰক্ষাৰ যুঁজ নামিছে বিশ্ববাসী। সংকটতকৈ সবল হ’ব লাগিব আমি।

‘ভাৰতে যেতিয়া আত্মনিৰ্ভৰতাৰ কথা কয় তেতিয়া আত্মকেন্দ্ৰীক হোৱাৰ কথা নকয়। আত্মনিৰ্ভৰতাৰ সমীকৰণ সলনি হৈছে। যি সংস্কৃতিয়ে জগতৰ জয়ৰ কথা কয়, যিয়ে মানৱ জাতিৰ কল্যাণ বিচাৰে, যি সংস্কৃতিয়ে পৃথিৱীক মা বুলি ভাৱে, সেই সংস্কৃতি যেতিয়া আত্মনিৰ্ভৰ হয় তেতিয়া বিশ্বৰ প্ৰগতিৰো মাধ্যম হয়।’ – মন্তব্য মোদীৰ।

মোদীয়ে কয় ‘”বিশ্বই বিশ্বাস কৰিবলৈ লৈছে ভাৰতে বহুত ভাল কৰিব পাৰে, মানৱ জাতিৰ কল্যাণৰ বাবে বহুত কিবাকিবি কৰিব পাৰে। ১৩০ কোটি দেশবাসীৰ আত্মনিৰ্ভৰ ভাৰতৰ সংকল্প ইয়াৰ বাবে প্ৰয়োজন।