পুনৰ বিমান দুৰ্ঘটনা।এইবাৰ সন্ধানহীন হৈ পৰিল 10 জনকৈ যাত্ৰী!এই দুৰ্ঘটনা সংঘটিত হৈছে আমেৰিকাৰ আলাস্কা ৰাজ্যত ৷পশ্চিম আলাস্কাত হাব কমিউনিটি নোমেলৈ যোৱাৰ পথতে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয় বিমানখনত থকা ১০ জন লোকৰে মৃত্যু হোৱা বুলি কৰ্তৃপক্ষই জনায় ।
ইতিমধ্যে দুৰ্ঘটনাগ্ৰস্ত বিমানখন বিচাৰি অভিযান চলাই থকা হৈছে যদিও এতিয়ালৈ এই ঘটনা সন্দৰ্ভত কোনো তথ্য লাভ কৰা নাই ৷ তথ্য অনুসৰি বৃহস্পতিবাৰে বিয়লি উনালাক্লিটৰ পৰা বেৰিং এয়াৰৰ একক ইঞ্জিনৰ টাৰ্বোপ্ৰপ বিমানখনে ৯ জন যাত্ৰী আৰু এজন পাইলট লৈ যাত্ৰা কৰিছিল ।জানিব পৰা মতে বিমানখনৰ তালাচী চলাই থকা হৈছে যদিও নিৰুদ্দেশ হোৱা বিমানখনৰ কিন্তু কোনো ধৰণৰ সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই।