ভাৰতৰ কুখ্যাত আণ্ডাৰৱৰ্ল্ডৰ ডন ডাউদ ইব্ৰাহিম পুনৰ এবাৰ আবদ্ধ হ’ল বিবাহ পাশত।
ডাউদ ইব্ৰাহিমৰ প্ৰয়াত ভগ্নী হাছিনা পাৰ্কাৰৰ পুত্ৰ আলিছাহ ইব্ৰাহিম পাৰ্কাৰে সদৰী কৰিছে এই তথ্য।
তেওঁ লগতে জানিবলৈ দিয়া মতে, বিয়াৰ পিছত পাকিস্তানৰ কৰাচীৰ প্ৰতিৰক্ষা এলেকাত থাকিব ডাউদ।
আলিছাহে ডাউদৰ দ্বিতীয় পত্নী পাথান মূলৰ বুলি প্ৰকাশ কৰি কয় যে তেওঁ প্ৰথম পত্নী মেহজাবিনক বিবাহ বিচ্ছেদ কৰা নাই।