গুৱাহাটীঃ পুনৰ এবাৰ বিতৰ্কৰ আওতাত সোমাই পৰিছে অসম শক্তি বিতৰণ কোম্পানী লিমিটেড (এপিডিচিএল)। নিগমৰ এগৰাকী জ্যেষ্ঠ মহিলা বিষয়াই এজন ব্যক্তিক চাকৰি আৰু মাটি দিয়াৰ প্ৰলোভনৰে নিজৰ অসুস্থ স্বামীৰ বাবে বৃক্ক বিচৰাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ চঞ্চল্যৰ।
বাতৰি অনুসৰি, এপিডিচিএলৰ চিজিএম কৰৱী ডেকাই নগাঁৱৰ হিৰুমনি শইকীয়াক তেওঁৰ অসুস্থ স্বামীৰ বাবে এটা বৃক্ক দান কৰিলে চাকৰি আৰু মাটি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। সেই প্ৰতিশ্ৰুতিত ভোল গৈ হীৰুমণি শইকীয়াই নিজৰ এটা বৃক্ক দান কৰে যদিও বৃক্ক সংৰোপণৰ পিছতে ব্যক্তিজনক বুঢ়া আঙুলি দেখুৱায় কৰৱী ডেকাই।
অসুস্থ স্বামীৰ দেহত সুকলমে বৃক্ক সংৰোপণ কৰাৰ পিছতে এপিডিচিএলৰ জ্যেষ্ঠ বিষয়া কৰৱী ডেকাই হীৰুমণি শইকীয়াক ভয়ভাবুকি প্ৰদান কৰাৰ লগতে কেতিয়াও লগ কৰিবলৈ চেষ্টা নকৰিবলৈ সকীয়নী প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে।
ঘটনা সন্দৰ্ভত হীৰুমণি শইকীয়াই আৰক্ষীৰ কাষ চাপিছে। আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও এতিয়াও কোনো লোকক আটক কৰা নাই।