পুনৰ বাঘৰ আতংক

39

আজি পুৱা নগাঁও চহৰৰ ঢাকাইপট্টিত পৰিলক্ষিত হৈছিল নাহৰফুটুকী।ঢাকাইপট্টিৰ এঘৰত আশ্ৰয় লৈছিল নাহৰফুটুকীটোৱে। এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ CCTvত দেখা গৈছিল বাঘটো। পুৱাই পথৰ মাজেৰে গৈ আশ্ৰয় লৈছিল এঘৰৰ চৌহদত। তাৰপিছতে বন বিভাগৰ লোকে ট্ৰেংকুলাইজড কৰে নাহৰফুটুকীটো।তাৰপিছতে বন বিভাগৰ লোকে ট্ৰেংকুলাইজড কৰে নাহৰফুটুকীটো। তাৰ পাছতে নাহৰফুটুকীটোক চাবলৈ ভিৰ কৰে ৰাইজে। বিগত কেইবাদিনো ধৰি আতংকৰ সৃষ্টি কৰি আছিল নাহৰফুটুকীটোৱে। ৰাজপথত মুকলি বিচৰণ কৰা নাহৰফুটুকীটোৰ বাবে আতংকিত হৈ পৰিছিল অঞ্চলবাসী ৰাইজ।এতিয়া নাহৰফুটুকীটোক ট্ৰেংকুলাইজড কৰাত স্বস্তিৰ নিশ্বাস লৈছে নগাঁওবাসীয়ে।