অবৈধ বাংলাদেশী নাগৰিকৰ বিৰুদ্ধে দিল্লীৰ পৰা মহাৰাষ্ট্ৰলৈ অভিযান অব্যাহত আছে। ইফালে মহাৰাষ্ট্ৰৰ এ টি এছে ৰাজ্যখনৰ বহু জিলাত অভিযান চলাই অবৈধ বাংলাদেশীক আটক কৰা খবৰ প্ৰকাশ পাইছে । একে সময়তে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীতো বাংলাদেশী নাগৰিকক আটক কৰি পুনৰ বিতাৰিত কৰাৰ খবৰ লাভ কৰা গৈছে । শেহতীয়াকৈ ৯ জন অনুপ্ৰৱেশকাৰীক বাংলাদেশলৈ পুনৰ বিতাৰিত কৰা হৈছে বুলি জানিব পৰা গৈছে ।কেৱল ২০২৪ চনৰ ডিচেম্বৰ মাহত এ টি এছে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে মুঠ ১৯ টা গোচৰ পঞ্জীয়ন কৰাৰ লগতে ৪৩ জন লোকক আটক কৰিছে। শেহতীয়া নৱবৰ্ষৰ প্ৰাকক্ষণত চৰকাৰী পৰিচয় পত্ৰ অবিহনে ভাৰতত বাস কৰা বাংলাদেশী নাগৰিকৰ বিৰুদ্ধে চলোৱা বিশেষ অভিযানত ৯ গৰাকী বাংলাদেশী আটক কৰিছে ।