পুনৰ বাংলাদেশী অনুপ্ৰৱেশকাৰীক আটক

10

পুনৰ ৫ গৰাকীকৈ ৰোহিংগীয়াকে ধৰি ৫ অনুপ্ৰৱেশকাৰীক আটক কৰি বিতাৰিত কৰিছে অসম আৰক্ষীয়ে । পূৰ্বৰ দৰে এই তথ্যও প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায় ।প্ৰত্যেক দিনে অসম আৰক্ষীয়ে বাংলাদেশীৰ এই অনুপ্ৰৱেশৰ চেষ্টাত বাধা প্ৰদান কৰা পৰিলক্ষিত হৈছে । শেহতীয়াকৈ পুনৰ ৫ গৰাকীকৈ ৰোহিংগীয়াকে ধৰি ৫ অনুপ্ৰৱেশকাৰীক আটক কৰি বিতাৰিত কৰিছে অসম আৰক্ষীয়ে । জানিব পৰা মতে এই আটাইকেইজনকে সীমান্তৰ পৰাই ঘূৰাই পঠিয়াইছে অসম আৰক্ষীয়ে । আটক কৰা অনুপ্ৰৱেশকাৰী কেইজনৰ নাম হৈছে -আব্দুল ৰাজ্জাক, ছাদ্দাম হুছেইন, মকতুল হুছেইন, নুৰুল আমিন আৰু হাফছা বিবি।